জৈৱ-বৈচিত্ৰৰে ভৰপূৰ ডিব্ৰুগড় জিলাৰ এখন উল্লেখযোগ্য বনাঞ্চল হ’ল ডিব্ৰুগড় জিলা খোৱাং তিনঠেঙীয়া বনাঞ্চল। বনাঞ্চল খনক নামদাং বনাঞ্চল বুলিও জনা যায়। কিন্তু টিংখাঙ সমষ্টিৰ অন্তৰ্গত তিনঠেঙীয়া বনাঞ্চল এতিয়া বনদস্যুৰ ৰম্যভূমিত পৰিণত হৈছে।
গছ কাটি ঘন জংঘলৰ মাজতে মূল্যৱান কাঠৰ চোৰাং ব্যৱসায়ৰ ঘাটিত পৰিণত বনাঞ্চল খন। । বিয়াগোম বন বিভাগৰ বিষয়া কৰ্মচাৰী থাকিও দিন – দুপৰতে বনাঞ্চলত থকা মূল্যৱান গছ কাটি নিঃশেষ কৰিবলৈ চেষ্টা চলাইছে দুষ্কৃতিকাৰীয়ে। বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ অঞ্চলটোৰ ৰাইজৰ ।
এই বনাঞ্চল খনত প্ৰতি দিনে মূল্যৱান গছ সমূহ কাটি শেষ কৰিছে দুষ্কৃতিকাৰীয়ে। দল সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পাছতো বন বিভাগে বহু মূল্যৱান গছ-গছনি থকা বনাঞ্চলখন সংৰক্ষণৰ বাবে আজি পৰ্যন্ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।
বনাঞ্চল খনৰ চাৰিসীমা আজিও উন্মুক্ত হৈ থাকিল। ফলত বিনা বাধাৰে বনাঞ্চলখন ধ্বংস কৰিছে। ২৩১.৭ বৰ্গকিলোমিটাৰেৰে আৱৰি থকা বনাঞ্চলখনত থকা বহু মূল্যৱান গছ কাটি তহিলং কৰিছে বন মাফিয়াই। আন একাংশই বনাঞ্চলখনৰ ভূমি দখল কৰি বনাঞ্চলৰ ভূমি সংকুচিত কৰি আনিছে।
দেখিও নেদেখাৰ ভাও ধৰা বন বিভাগৰ ফলতে
জৈৱ-বৈচিত্ৰৰে ভৰপূৰ ডিব্ৰুগড় জিলাৰ এখন উল্লেখযোগ্য বনাঞ্চল হ’ল টিংখাঙৰ তিনঠেঙীয়া বনাঞ্চল নিঃশেষ হ’ব বুলি উদ্বেগ প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে। খুদ অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাৰ সমষ্টিত থকা বনাঞ্চলখনক সংৰক্ষণৰ ব্যৱস্থা বন বিভাগে নকৰাত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ।
বনাঞ্চল নিঃশেষ হোৱাৰ দিশে আগবঢ়া ঘটনাক লৈ স্থানীয় সচেতন ব্যক্তিয়ে কয়, “দীৰ্ঘদিনৰ পৰা এই বনাঞ্চলখনত বন ধ্বংস চলি আছে। একাংশই বন ধ্বংস কৰি বেদখল কৰিছে বনাঞ্চল খনক। চৰকাৰ, প্ৰশাসন আৰু বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইদৰে বন ধ্বংস হৈ থাকিলে নতুন প্ৰজন্মৰ বাবে ভয়ংকৰ বিপদ নামি আহিব।”
চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা সময়তে বন বিভাগৰ দুৰ্বলতা আৰু গুৰুত্বহীনতাৰ বাবেই বনাঞ্চলখন ধ্বংস হোৱাক লৈ আন এজন সচেতন ব্যক্তিয়ে কয়, “চৰকাৰৰ পৰোক্ষ বা প্ৰত্যক্ষ সহযোগত বন ধ্বংস হৈছে। যিটো অতি দুখ লগা বিষয় হৈছে। অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে বনাঞ্চল সমূহৰ জাতীয় সম্পদ হিচাপে চৰকাৰে সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও কৰা নাই। বন বিষয়া, কৰ্মচাৰী আছে যদিও দিন দুপৰতে দুৰ্বৃত্তই গছ কাটি নিঃশেষ কৰিছে । এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক।






























