ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ অসম পশ্চিমবংগ সীমান্তৰ কুটি ভামডাঙা (ভামনডাঙা তৃতীয় খণ্ড)ৰ গাঁওবাসী বাৰিষাৰ আগমুহূৰ্তত সোণকোষৰ গৰাখহনীয়াৰ বাবে চৰম দু:চিন্তাত ভুগি থকাৰ বিপৰীতে জন প্ৰতিনিধিৰ নীৰৱ ভুমিকাই বাৰুকৈ উদ্বিগ্ন কৰি তুলিছে।
তথ্য অনুসৰি, সীমান্তৰ গাওঁখন যাতায়ত যোগাযোগ, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী সকলো দিশতে উপেক্ষিত। গাওঁ খনৰ প্ৰধান সমস্যাই হৈছে সোণকোষ অৰ্থাৎ ৰায়ডাক নদীৰ গৰাখহনীয়া।
ৰায়ডাক নদীৰ গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে শতাধিক লোক গৃহহাৰা হৈ পৰে। শ শ বিঘা খেতি মাটি নদীৰ বুকুত জাহ যায় । বাৰিষাত গৰাখহনীয়া ভয়ানক ৰূপ ধাৰণ কৰে।
সকলোতকৈ ডাঙৰ কথা হল গাওঁ খনৰ পশ্চিম দিশত পশ্চিমবংগ। সীমান্ত সংলগ্ন হৈ আছে কালজানী নদী। কালজানী নদীৰ গৰাখহনীয়া সোণকোষতকৈ অধিক ভয়ংকৰ।
বাৰিষাত বানপানীৰ ফলত গাওঁবাসীৰ দুখ কুলাই পাচিয়ে নধৰা হয়। তথাপি খবৰ নাই কোনো বিধায়ক কিম্বা সাংসদৰ। আবু তাহেৰ বেপাৰী, অশ্বিনী ৰায় সৰকাৰ, এজনৰ পাছত এজন বিধায়কৰ কাৰ্যকাল শেষ হৈ গল যদিও কোনেও সমাধান নকৰিলে।
অশ্বিনী ৰায় সৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যি ধন আবন্টন দিছিল তাকো কেইটামান পাৰ্কুপাইন পেলাই দলীয় নেতা দালালে ধন আত্মসাত কৰে। আনহাতে বৰ্তমান কংগ্ৰেছৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ নদীৰ প্ৰতিৰোধ দূৰৰ কথা কাৰ্যকাল সমাপ্ত হবলৈ ওলাইছে যদিও আজিলৈ এবাৰ গাওঁ খনত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে আজিকোপতি কোনো সাংসদ গাওঁ খনত উপস্থিত হোৱাৰ নজিৰ নাই। যাৰবাবে দুবাৰকৈ গাওঁ খনৰ ৰাইজে লোক সভাৰ নিৰ্বাচন বৰ্জন কৰিছিল। তথাপি গা লৰা নাই প্ৰশাসন তথা জন প্ৰতিনিধিৰ।






























