SpiceJet:বিমান সংকটত সঠিক সময়মত গন্তব্যস্থান নাপালে এজন যাত্ৰী। যাৰ ফলত তেওঁৰ অনলাইন পি এইচ ডি পৰীক্ষা দিয়া নহ’ল। এই ঘটনাৰ পাছতে তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল।
ঘটনাৰ পাছতে যাত্ৰীগৰাকীয়ে স্পাইচজেটৰ বিৰুদ্ধে গ্ৰাহক সুৰক্ষা আয়োগৰ কাষ চাপিছিল।
সেই ঘটনাত গ্ৰাহক সুৰক্ষা আয়োগে যাত্ৰীজনক ক্ষতিপূৰণ হিচাপে ২৫ হেজাৰ টকা আৰু গোচৰৰ বিচাৰৰ বাবে আৰু পাঁচ হেজাৰ টকা অৰ্থাৎ মুঠ ৩০ হেজাৰ টকা দিবলৈ নিৰ্দেশ দিয়ে।
বিগত ১৭ জুনত এই নিৰ্দেশ জাৰি কৰাৰ সময়ত গ্ৰাহক সুৰক্ষা আয়োগে জনাইছে, স্পাইচজেটৰ দায়িত্বহীনতাৰ বাবে এজন যাত্ৰীক হাৰাশাস্তি হয়। এই ঘটনাৰ পাছত তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰে।
তথ্য অনুসৰি,২০২০ চনত এজন যাত্ৰীয়ে মুম্বাইৰ পৰা দৰভংগালৈ স্পাইচজেটৰ টিকট বুকিং কৰিছিল। তাৰ পৰা উভতি অহা বিমানৰ বাবে স্পাইচজেটৰ টিকট এটাও বুকিং কৰি লৈছিল।
কিন্তু উভতি অহা পূর্বে প্ৰতিকূল বতৰৰ বাবে বিমানখন বাতিল কৰা হয়।অৱশ্যে স্পাইচজেটে পাটনা আৰু কলকাতা হৈ বিকল্প বিমানৰ ব্যৱস্থা কৰে আৰু সেই বিমানতে তেওঁ কলকাতালৈ উভতি আহিছিল।
অৱশ্যে তেতিয়ালৈকে কলকাতাৰ পৰা মুম্বাইলৈ যোৱা বিমানখন ৰাওনা হৈছিল।
তাৰ পাছত তেওঁ পাটনালৈ উভতি আহি তাৰ পৰা বিমানত উঠি মুম্বাইলৈ উভতি আহিল। ইয়াৰ পাছতে যাত্ৰীগৰাকীয়ে টিকটৰ ১৪,৫৭৭ টকা ঘূৰাই দিবলৈ আৱেদন কৰে। লগতে দুই লাখ ২৫ হেজাৰ টকীয়া ক্ষতিপূৰণৰ বাবেও আৱেদন কৰে।
যদিও স্পাইচজেটে সেই সময়ত প্ৰতিকূল বতৰৰ বাবে বিমানখন বাতিল হোৱাৰ পাছত বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে বুলি জনাইছিল তথাপিও লোকজনে গ্ৰাহক সুৰক্ষা আয়োগৰ কাষ চাপিছিল।
এই গোচৰৰ পাঁচ বছৰৰ পাছত গ্ৰাহক সুৰক্ষা আয়োগে স্পাইচজেটক যাত্ৰীজনক ক্ষতিপূৰণ হিচাপে ৩০ হেজাৰ টকা দিবলৈ নিৰ্দেশ দিয়ে।






























