Air India: বোমাৰ আতংকত এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ । ব্ৰিটেইনৰ বাৰ্মিংহামৰ পৰা দিল্লী অভিমুখী পথত এআই-১১৪ বোমাৰ আতংকৰ বাবে ছৌদি আৰৱৰ ৰিয়াদত জৰুৰীকালীন অৱতৰণ কৰে।
শনিবাৰে এই ঘটনা সংঘটিত হয়, যদিও এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে দেওবাৰে এই তথ্য প্ৰকাশ কৰে।
তথ্য অনুসৰি,২১ জুলাইত ব্ৰিটেইনৰ বাৰ্মিংহামৰ পৰা এয়াৰ ইণ্ডিয়াৰ ১১৪ নং বিমানখন সময়মতে ৰাওনা হৈছিল।তাৰ পাছতে এয়াৰ ইণ্ডিয়াই এটা ভাবুকিপূৰ্ণ ইমেইল লাভ কৰে।
বিমানখনত বোমা থকা বুলি দাবী কৰা হৈছিল। বিমানখন উৰুৱাই দিয়া হ’ব। ভাবুকি দিয়া ইমেইলৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে কৰ্তিপক্ষই।
তাৰ পাছতেইবিমানখনে ওচৰৰ ৰিয়াদ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়। অৱশ্যে দীঘলীয়া তালাচীৰ অন্তত বিমানখনত সন্দেহজনক একো পোৱা নগ’ল।
এয়াৰ ইণ্ডিয়াই জনাই যে,ৰিয়াদৰ পৰা দিল্লীলৈ যাত্ৰী অনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে।লগতে কৰ্তৃপক্ষই সকলো যাত্ৰীৰ বাবে থকাৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে,যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়া হাই এলাৰ্টত আছে।
ইফালে মধ্য এছিয়াত আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে সেৱাসমূহ সমস্যাৰ সন্মুখীন হৈছে।তিনিদিন পূৰ্বে এয়াৰ ইণ্ডিয়াৰ এখন বিমানেও একেধৰণৰ ভাবুকি লাভ কৰিছিল।






























