Pahelgram: মাত্ৰ কেইহেজাৰমান টকাৰ বিনিময়ত সন্দেহজনক তিনি সন্ত্ৰাসবাদীক সহায় কৰিছিল দুই ধৃতই। সূত্ৰ অনুসৰি,দুই কাশ্মীৰৰ গ্ৰেপ্তাৰৰ পাছত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ হাতলৈ আহিছে এই তথ্য ।
শেহতীয়াকৈ এন আই এয়ে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত পাৰভেজ আহমেদ জোথাৰ আৰু বছিৰ আহমেদ জোথাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।
পহলগাম কাণ্ডৰ লগত এই সন্ত্ৰাসবাদী জড়িত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।প্ৰথম অৱস্থাত দুয়োজনে উগ্ৰপন্থীসকলক খোৱা বোৱা আৰু যাতায়তৰ ব্যৱস্থা কৰা বুলি স্বীকাৰ কৰিছিল।
তথ্য অনুসৰি,ধৃত লোকসকলে উগ্ৰপন্থীক কেৱল আশ্ৰয় দিয়াই নহয়, নিৰাপত্তা বাহিনী ক’ত নিয়োজিত হৈছে সেই সম্পৰ্কেও তথ্য প্ৰদান কৰিছে। মাত্ৰ কেই হেজাৰমান টকাৰ বাবেই এই কাম কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
বিগত ২২ এপ্ৰিলত বৈশৰণ উপত্যকা ২৬ জন নিৰীহ লোকক হত্যা কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল ২৫ জন পৰ্যটক আৰু এজন স্থানীয় বাসিন্দা।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি ২০ আৰু ২১ এপ্ৰিলত (পহলগাম আক্ৰমণৰ দুদিন পূৰ্বে) সৰু বসতিটোত উগ্ৰপন্থী উপস্থিত আছিল।
যদিও তাত আশ্ৰয় লোৱা সন্ত্ৰাসবাদীসকল এই আক্ৰমণত জড়িত আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সোমবাৰে জম্মুস্থিত এন আই এৰ বিশেষ আদালতত পাঁচ দিনৰ বাবে গ্ৰেপ্তাৰ কৰা ব্যক্তি দুজনক হাজিৰ কৰোৱা হয় আৰু জিম্মাত লোৱা হয়।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা স্কেচ, ভিডিঅ’ ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ একাউণ্টৰ ভিত্তিত উগ্ৰপন্থীক চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰতিটো তথ্য অতি যত্নৰে বিশ্লেষণ কৰা হৈছে আৰু এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।
সূত্ৰ অনুসৰি ধৃত লোকসকলে জেৰাৰ সময়ত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে তিনিওজন উগ্ৰপন্থীক তেওঁলোকৰ পৰিচয় জানিও সহায় কৰিছিল আৰু আশ্ৰয় দিছিল।
আশ্ৰয় শিবিৰ দুজনৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ আইনৰ ১৯ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে।ইয়াৰোপৰি এন আই এয়ে অভিযুক্ত দুজনৰ নামো নাম তালিকাত সংযোজন কৰিছে।
দৰাচলতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দুমাহৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ গোচৰীয়াই সকলো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে






























