Air India:পুনৰ বিপদত এয়াৰ ইণ্ডিয়া। এইবাৰ বিমানৰ মাজভাগতে অসুস্থ হৈ পৰে যাত্ৰী আৰু ক্ৰু মেম্বাৰ । কিন্তু ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।তথ্য অনুসৰি, সোমবাৰে লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে ৰাওনা হৈছিল বিমানখন।
কিন্তু বিমান আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতেই পাঁচজন যাত্ৰী আৰু দুগৰাকী বিমান পৰিচাৰিকা অসুস্থ হৈ পৰে। বিমানখনৰ ভিতৰতে হঠাৎ অচেতন হৈ পৰে বিমান পৰিচাৰিকা দুগৰাকী।
ইয়াৰ পাছত বিমানখনৰ ভিতৰত চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰা হোৱা নাই।
মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সফলতাৰে অৱতৰণ কৰে বিমানখন। এই তথ্য লাভ কৰাৰ লগে লগে বিমান সংস্থাটোৰ চিকিৎসা দলে ঘটনাস্থলীত উপস্থিত হয়। তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাৰ পাছতে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।
চিকিৎসালয়ৰ সূত্ৰৰ মতে, প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত কিছু সময়ৰ বাবে তেওঁলোকক পৰ্যবেক্ষণত ৰখা হৈছে। পাছত তেওঁলোকৰ অৱস্থা স্থিতিশীল হোৱাৰ বাবে মুকলি কৰি দিয়া হয়। কিন্তু এই ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
এয়াৰ ইণ্ডিয়াই জনাইছে, লণ্ডনৰ পৰা মুম্বাইলৈ যোৱা বিমানখনত হঠাৎ পাঁচজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ অসুস্থ হৈ পৰে। আমি এই ঘটনাৰ কাৰণৰ তদন্ত কৰি আছো। ভাৰতীয় অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষকো এই সন্দৰ্ভত অৱগত কৰা হৈছে।






























