illegal bangladeshi Arrested:
ৰাজ্যত বাংলাদেশী বিতাড়ন প্ৰক্ৰিয়া চলি থকা সময়তে বঙাইগাঁৱৰ আটক দুজন বাংলাদেশী। নিউ বঙাইগাওঁ জিআৰপিৰ জালত পৰে দুটাকৈ বাংলাদেশী। নিউ বঙাইগাঁও জিআৰপিৰ অভিযানত প্ৰথমে আটক কৰা হয় মহম্মদ গোলাম ৰাব্বাঞ্চক, আৰু কিছু সময় পিছতেই আৰপিএফৰ জালত পৰে গোলামৰ ভাতৃ আছাৰুল ইছলাম।
দুই ভাতৃৰ ঘৰ বাংলাদেশৰ ৰাজশাহি জিলাত। মুম্বাইলৈ শ্ৰমিক হিচাপে কাম কৰাৰ উদ্দেশ্যে নিউ বঙাইগাওঁ জংচনত ট্ৰেইনত উঠিবলৈ আহিছিল। তাম্বাৰাম এক্সপ্ৰেছ ৰেলৰে যোৱাৰ পৰিকল্পনা কৰিছিল, কিন্তু জিআৰপিয়ে এই প্ৰচেষ্টা বিফল কৰে দুই বাংলাদেশীৰ। দুয়োজন বাংলাদেশীৰ পৰা জব্দ কৰা হয় ভাৰতৰ ভুৱা আধাৰকাৰ্ড। আধাৰকাৰ্ড প্ৰস্তুত কৰিছিল পশ্চিমবংগত। বাংলাদেশৰ পৰা মেঘালয় হৈ অসমত প্ৰবেশ কৰিছিল।