Assam-Meghalaya border tensions resumed:
অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা ৷ পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ সীমান্তৰ খান্দুলিৰ তাপাত অৰ্তকিতে ৰঙা চন্দনৰ গছ উভালিলে খাচী দুর্বৃত্তৰ দল এটাই ৷
অসমৰ ভূমিত ৰঙা চন্দনৰ গছপুলি ৰোপণক লৈ প্ৰথমে খাচী দুর্বৃত্তৰ দলটোৱে সংঘাতত লিপ্ত হয় স্থানীয় লোকৰ স’তে ৷ ইয়াৰ পিছতে দলটোৱে এফালৰ পৰা ৰঙা চন্দনৰ গছ উভালি পেলোৱাৰ লগতে ৰঙা চন্দন পহৰাৰ বাবে নিৰ্মাণ কৰা দুটা অস্থায়ী শিবিৰত অগ্নিসংযোগ কৰে ৷
আনহাতে এই উত্তেজনাৰ পিছতে সষ্টম হৈ পৰে অসম আৰক্ষী আৰু মেঘালয় আৰক্ষী ৷ পৰিস্থিতি অতি উত্তপ্ত হৈ পৰা বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হয় ৷ বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে সমগ্ৰ খান্দুলিৰ তাপাতত ৷






























