Cattle Theft Arrested In Mariani:
মৰিয়নিত দৈনিক বৃদ্ধি পাইছে গৰু চুৰি ঘটনা। দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত বালিজান নতুন মাটি গাঁৱৰ গাওঁ ৰক্ষী বাহিনীয়ে আটক কৰে এটা গৰু চোৰ। গৰু চোৰটো নকছাৰি বৰ গাৱৰ ৰাজু গগৈ বুলি জানিব পৰা গৈছে।
বালিজান নতুন মাটি গাঁৱৰ গাওঁ ৰক্ষী বাহিনীৰ সদস্য সকলে গৰু চোৰ ৰাজু গগৈক সোধ পোছ কৰাতহে ওলাল উৰিহী গছৰ উৰ।গৰুৰ গৰাকী দুজন তিৰুৱাল গাৱৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে বালিজান নতুন মাটি গাঁৱৰ গাওঁ ৰক্ষী বাহিনীয়ে চোৰ দুটা গৰু সহ দেৱেৰাপাৰ আৰক্ষীক গতাই দিয়ে। এই গৰু চুৰি ঘটনাৰ লগত এটা বৃহত গৰু চুৰি চক্ৰ জৰিত থকাৰ সন্দেহ কৰা হৈছে।
ইতিমধ্যে দেবেৰাপাৰ আৰক্ষীয়ে যোৱা দুদিনত চাজাদ আলি মৰিয়নিৰ অনিল কৰ্মকাৰ নামৰ আন দুটা গৰু চুৰ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে৷






























