Fake Note Paddlar Attested :
আৰক্ষীৰ জালত দুই জাল নোট প্ৰস্তুতকাৰী। ৰূপহীহাটৰ ভাটিয়াখালীত আমবাগান আৰক্ষীয়ে অভিযান চলাই জাল নোট চপোৱা যন্ত্ৰসহ আটক কৰে দুজন লোকক।
ADVERTISEMENT
জালনোট প্ৰস্তুতকাৰী দুটাক ১ নং ভাটিয়াখালিৰ পৰা ৬ টাকৈ নকল পাঁচশ টকীয়া নোটৰ উপৰিও টকা বনোৱা যন্ত্ৰ উদ্ধাৰ কৰে। ধৃত লোক দুজন হ’ল ৰফিকুল ইছলাম আৰু হাইদৰ আলি।
ইতিমধ্যে আৰক্ষীয়ে আটকাধীন দুই জাল নোট প্ৰস্তুতকাৰীক আদালতত হাজিৰ কৰাৰ পিছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।






























