Mom-Son Deadbody Recovered :দক্ষিণ কামৰূপৰ জীয়াকুৰৰ কলহী নৈত উদ্ধাৰ সন্ধানহীন কণমানি পুত্রসহ মহিলাৰ মৃতদেহ

সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মাতৃ-পুত্র

KHOANG

Mom-Son Deadbody Recovered :

কণমানি পুত্রসহ ৰহস্যজনকভাৱে সন্ধানহীন হোৱা পলাশবাৰীৰ এগৰাকী মহিলাৰ মৃতদেহ মঙলবাৰে দক্ষিণ কামৰূপৰ জীয়াকুৰৰ কলহী নৈত উদ্ধাৰ হয়। জীয়াকুৰ দলঙৰ ওচৰত স্থানীয় ৰাইজে মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

ইতিমধ্যে মহিলা গৰাকীৰ মৃতদেহ তেওঁৰ স্বামীয়ে চিনাক্ত কৰিছে। সেই অনুসৰি, মহিলা গৰাকীক পলাশবাৰী সমষ্টিৰ তিনি নম্বৰ আমতলা গাঁৱৰ দীপু দাসৰ পত্নী হিমানী দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ স’তে সন্ধানহীন হোৱা কণমানি পুত্র বর্ণিল দাস (৭)ৰ শুংসূত্র ওলোৱা নাছিল যদিও আজি পুৱাৰে পৰা
আৰক্ষীয়ে এছডিআৰএফৰ সহায়ত কলহী নৈৰ বুকুত উদ্ধাৰ অভিযান চলায় উদ্ধাৰ কৰে শিশুটিৰ নিথৰ দেহ

উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা পুত্রসহ এই মহিলাগৰাকী সন্ধানহীন হৈ আছিল বুলি আৰক্ষী সূত্রই জনায়। অৱশ্যে তেওঁ কেনেদৰে নৈত পৰিল সেই তথ্য পোহৰলৈ অহা নাই।

Exit mobile version