Pakistani spy: দিল্লীত চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল খোদ নৌসেনাৰ মুখ্য কাৰ্যালয়ৰ এজন কৰ্মী।অভিযোগ,ব্যক্তিজনে বছৰ বছৰ ধৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইত কাম কৰি আহিছিল। আনকি অপাৰেচন সিন্দূৰৰ সময়তো তেওঁ চোৰাংচোৱাগিৰি কৰিছিল।
অভিযুক্ত যুৱকজনৰ নাম বিশাল যাদৱ। তেওঁ হাৰিয়ানাৰ বাসিন্দা। দিল্লীত থকা ভাৰতীয় নৌসেনাৰ মুখ্য কাৰ্যালয়ত কেৰাণী হিচাপে তেওঁ কাম কৰি আছিল।
চোৰাংচোৱা বুলি সন্দেহ কৰি তেওঁৰ মোবাইল ফোনটো জব্দ কৰাৰ লগে লগে সমগ্ৰ বিষয়টো পোহৰলৈ আহে।
মোবাইল ফোনৰ তথ্য অনুসৰি তেওঁ টকাৰ বিনিময়ত পাকিস্তানৰ এগৰাকী মহিলা এজেণ্টক নৌসেনা আৰু প্ৰতিৰক্ষা বিভাগৰ গোপন তথ্য সৰবৰাহ কৰিছিল।
ৰাজস্থান আৰক্ষীৰ চি আই ডি বিষয়া বিষ্ণুকান্ত গুপ্তাই জনোৱা মতে,ৰাজস্থান আৰক্ষীয়ে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আছিল। সেই উৎসৰ জৰিয়তে বিশাল যাদৱৰ সন্ধান পোৱা গৈছিল।
বিষ্ণুকান্তই মতে,অভিযুক্তই ছ’চিয়েল মিডিয়াত পাকিস্তানী মহিলা এজেণ্টৰ স’তে যোগাযোগ কৰিছিল।
মহিলাগৰাকীয়ে নিজকে প্ৰিয়া শৰ্মা বুলি পৰিচয় দিয়ে। তথ্যৰ বিনিময়ত তেওঁ বিশালক বৃহৎ পৰিমাণৰ ধন পঠিয়াই। তদন্তৰ সূত্ৰইও প্ৰকাশ কৰিছে যে বিশাল অনলাইন গেমৰ প্ৰতি আসক্ত আছিল। আৰ্থিক প্ৰয়োজন পূৰণ কৰিবলৈ তেওঁ এই কাম আৰম্ভ কৰে।
অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি, কি তথ্য চোৰাংচোৱাগিৰি কৰা হৈছিল, আৰু তেওঁৰ কোনো সহযোগী আছে নেকি তাক তদন্ত কৰিছে ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাসমূহে।






























