Samantha Ruth Prabhu’s 10th Class Marksheet goes viral:চেলিব্ৰিটিসকলৰ পৰীক্ষাৰ ফলাফলৰ প্ৰতি অনুৰাগীসকল সদায় আগ্ৰহী। স্কুলীয়া জীৱনত তেওঁলোকে কেনেকোৱা ৰিজাল্ট কৰিছে ?
দশম শ্ৰেণীত কোনটো বিষয়ত কিমান নম্বৰ পালে অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে? তেওঁৰ মাৰ্ক শ্বীটখন কেতিয়াবা দেখিছানে? ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ছবি।
অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি কি লিখিলে শিক্ষকে?
ভাইৰেল মাৰ্কশ্বীটত দেখা গৈছে যে সামন্থাই অংকত ১০০, ইংৰাজীত ৯০, তামিল/হিন্দীত ৮৮ আৰু ইতিহাসত ৯১ নম্বৰসমস্ত বিষয়তে অভিনেত্ৰী গৰাকীয়ে দুৰ্দান্ত নম্বৰ লাভ কৰিছে।
যি দেখি আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। কেৱল সেয়াই নহয়, মাৰ্ক শ্বীটৰ লগতে সামান্থাৰ এগৰাকী শিক্ষকে সামান্থাক শুভেচ্ছা জনাই লিখিছে, ‘সামান্থা আমাৰ বিদ্যালয়ৰ বাবে এক সম্পদ।’
অভিনেত্ৰীগৰাকীৰ শিক্ষয়িত্ৰীগৰাকীয়ে লিখা এই টোকাটোও ছ’চিয়েল মিডিয়াত অনুৰাগীৰ প্ৰশংসাৰে ভৰি পৰিছে । সামান্থাৰ মাৰ্কশ্বীট দেখাৰ পাছত তেওঁৰ প্ৰশংসাত পঞ্চমুখ অনুৰাগী। সামান্থাই নিজেইও ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।






























