Bokakhat:বোকাখাতৰ পানবাৰী CRPF কেম্পত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ।
এখন চলন্ত বাইকৰ পৰা কেম্পটোলৈ গ্রেনেড দলিয়াইছিল দুই যুৱকে । ঘটনাটোত তিনিজন আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হয়।
উল্লেখ্য যে, মঙলবাৰে বিস্ফোৰণ কাণ্ডত ব্যৱহাৰ কৰা দুচকীয়া বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
বোকাখাতৰ সাপজুৰি পানবাৰী CRPF কেম্পত গ্রেনেড আক্ৰমণৰ দুই অভিযুক্তক চিনাক্ত ।
দুই অভিযুক্ত ক্ৰমে অংকুৰ দাস আৰু ৰূপজ্যোতি দাস ।
প্ৰাপ্ত তথ্য অনুসৰি, অংকুৰ দাসে অসমৰ এটা ৱেব পৰ্টেলত কৰিছিল সাংবাদিকতা ।
ইয়াৰ পূৰ্বেও অভিযুক্ত অংকুৰ দাসে গৰু গাড়ী হাইজেক কৰি গ্ৰেপ্তাৰ হৈ জেল হাজোতৰ পৰা ওলাই আহিছিল।
দুই অভিযুক্তক দেখা পালে তৎক্ষণাৎ আৰক্ষীক খবৰ দিবলৈ আহ্বান আৰক্ষীৰ।






























