Chhattisgarh:‘ৰঙা সন্ত্ৰাস’ দমৰনৰ ক্ষেত্ৰত আন এক বৃহৎ সাফল্য। চত্তীশগড়ৰ নাৰায়ণগড়ত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত হয় দুই মাওবাদী নেতা।
ঘটনাস্থলীৰ পৰা কেবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।
তথ্য অনুসৰি,বুধবাৰে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ লগে লগে জিলা সংৰক্ষিত ৰক্ষী আৰু বিশেষ টাস্ক ফ’ৰ্চৰ বিষয়াসকলে অভুজমাদ অঞ্চলৰ বালাঘাট বনাঞ্চলত যৌথ অভিযান চলায়।
কেবাজনো মাওবাদীয়ে অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য পোৱা গৈছিল। সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়।
পিছুৱাই যাবলৈ ঠাই নোহোৱাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। বাহিনীয়ে প্ৰত্যাক্ৰমন কৰে । কিছুসময় দুয়োপক্ষৰ মাজত বন্দুকৰ যুঁজৰ অন্তত অৱশেষত নিহত হ’ল মাওবাদী নেতা দুগৰাকী।
শেহতীয়া তথ্য অনুসৰি তাত এতিয়াও অপাৰেচন চলি আছে। উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদৰ পৰা মুক্ত কৰাৰ বাৰ্তা প্ৰদান কৰিছে।
তেতিয়াৰ পৰাই মাওবাদী প্ৰধান ৰাজ্য যেনে চত্তীশগড় আৰু ঝাৰখণ্ডত মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰিছে।






























