Leopard caged:
তিনিচুকীয়াৰ ফিল’বাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্রকাণ্ড নাহৰফুটুকী ৷ দীৰ্ঘদিন ধৰি চাহ বাগিচা অঞ্চলত সন্ত্ৰাস চলাই নাহৰফুটুকীয়ে ভক্ষণ কৰিছিল ছাগলী আৰু গোধন ৷
নাহৰফুটুকীৰ আতংকত আনকি বাগিচাৰ পাত চিঙিবলৈ ভয় কৰিছিল শ্ৰমিক সকল ৷ এইক্ষেত্ৰত বন বিভাগৰ হস্তক্ষেপ দাবী কৰিছিল বাগিচা ৰাইজে ৷ অৱশেষত বন বিভাগে পতা পিঞ্জৰাত বন্দী হ’ল সন্ত্ৰাস সৃষ্টিকাৰী নাহৰফুটুকী ৷ ইতিমধ্যে পিঞ্জৰাত আবদ্ধ বনৰজাক চাবলৈ ঢপলিয়াই আহিল বাগিচা অঞ্চলৰ ৰাইজ।
