Rajnath Singh:সীমান্তত উত্তেজনা লাঘৱ কৰিবলৈ ভাৰতে চীনক চাৰি দফীয়া প্ৰস্তাৱ আগবঢ়াইছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী এডমিৰেল ডং জুনৰ স’তে বৈঠকত মিলিত হয়। তাত দুয়োপক্ষই সীমান্তত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত দীঘলীয়া আলোচনাত মিলিত হয়।
সূত্ৰসমূহে জনোৱা মতে, দীৰ্ঘম্যাদী শান্তি বজাই ৰাখিবলৈ বেইজিঙলৈ চাৰিটা প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
এছ চি অ’ শীৰ্ষ সন্মিলনৰ চলাৰ আগতে দুয়োগৰাকী মন্ত্ৰীয়ে বৈঠকত বহে । সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ৰাজনাথে চীনলৈ চাৰিটা প্ৰস্তাৱ আগবঢ়াইছে। প্ৰথমে ,যোৱা বছৰ সৈন্য প্ৰত্যাহাৰৰ পৰিকল্পনা অটুট ৰাখিব লাগে।
দ্বিতীয়তে, সীমান্তৰ দুয়োপাৰে শান্তি বজাই ৰখা যাতে দুয়োখন দেশৰ ভৌগোলিক সীমাৰ কোনো পৰিৱৰ্তন নহয়। তদুপৰি দুয়োখন দেশৰ মাজত থকা মতানৈক্য সমাধানৰ দায়িত্ব বিশেষ প্ৰতিনিধিক দিয়া উচিত।
চতুৰ্থ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘পাকবন্ধু দিল্লীয়ে চীনক স্পষ্ট কৰি দিছে যে অপাৰেচন সিন্দূৰ হৈছে পাকিস্তানৰ পৃষ্ঠপোষকতাত সীমান্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নৈতিক স্থিতি।
উল্লেখ্য যে,২০২০ চনত গালৱানত সীমান্ত সমস্যাক লৈ ভাৰত আৰু চীনৰ মাজত হোৱা সীমা সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল।
পাঁচ বছৰীয়া বৈঠকৰ অন্তত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ক্ৰমান্বয়ে স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে। গালৱানৰ পাছত দুয়োখন দেশে ডেমচোক আৰু দেপছাঙত সৈন্য মোতায়েন কৰে। সেই সৈন্যৰ প্ৰত্যাহাৰো আৰম্ভ হৈছে।
এই পৰিস্থিতিত জ্ঞাত সূত্ৰৰ মতে ৰাজনাথৰ চীন ভ্ৰমণৰ লক্ষ্য হৈছে অতীতৰ বেয়া সময়বোৰক একাষৰীয়া কৰি চীনৰ স’তে সম্পৰ্ক উন্নত কৰা। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ লক্ষ্য আছিল অপাৰেচন সিন্দূৰৰ পাছত চীনক সন্ত্ৰাসবাদী অভিযানৰ বিষয়ে অৱগত কৰা।
ডঙৰ স’তে হোৱা সাক্ষাৎৰ পাছত ৰাজনাথে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে। তাত তেওঁ লিখিছে, “দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত ইতিবাচক আলোচনা হৈছে। সীমান্তত উত্তেজনা হ্ৰাস কৰাৰ বাবে চীনে এই ইতিবাচক পন্থা বজাই ৰখাৰ প্ৰয়োজন যাতে ভৱিষ্যতে কোনো নতুন সমস্যাৰ সৃষ্টি নহয়।’






























