Drone: ইউৰোপীয় সংঘই ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ স’তে যৌথভাৱে ইউৰোড্ৰ’ন উৎপাদনৰ প্ৰস্তাৱ আগবঢ়াইছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, ইতিমধ্যে ডি আৰ ডি অ’ই এই প্ৰস্তাৱৰ পৰীক্ষা আৰম্ভ কৰিছে।জাৰ্মানী, ফ্ৰান্স, ইটালী আৰু স্পেইনৰ যৌথ উদ্যোগ অৰ্গেনাইজেচন ফৰ জইণ্ট আৰ্মমেণ্ট কৰ্পৰেশ্যনে নিৰ্মাণ কৰা এই ড্ৰোনখনৰ পেলোড ক্ষমতা ২৩০০ কিলোগ্ৰাম আৰু প্ৰতিকূল বতৰতো ৪০ ঘণ্টা ধৰি অবিৰতভাৱে উৰিব পাৰে।
বৰ্তমানৰ পৰিস্থিতিত ভাৰতীয় সেনাক কমেও ১০০ টা ‘মেইল ড্ৰ’ন’ (দুৰ্গম অঞ্চলত ব্যৱহাৰৰ বাবে উপযোগী পৰিবহণ ড্ৰ’ন)ৰ প্ৰয়োজন। ইউৰোড্ৰ’নে সেই প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।
‘অপাৰেচন সিন্দূৰ’ই দেখুৱাইছে যে ভৱিষ্যতৰ যুদ্ধ পৰিস্থিতিত ড্ৰ’নৰ ভূমিকা নিৰ্ণায়ক হ’ব পাৰে।প্ৰতিৰক্ষা মন্ত্ৰালয়ে শত্ৰুৰ ওপৰত চোৰাংচোৱাগিৰি আৰু আক্ৰমণৰ ক্ষেত্ৰত মানৱবিহীন বিমানৰ ফলপ্ৰসূতাও লক্ষ্য কৰিছে।
শেহতীয়াকৈ নতুন দিল্লীতো আমেৰিকাৰ ড্ৰ’ন নিৰ্মাতা কোম্পানী ‘জেনেৰেল কেটালিষ্ট’ৰ পৰা এটা প্ৰস্তাৱ লাভ কৰা হৈছে।






























