Bengaluru:২০০২ চনত পত্নীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বাংগালুৰুৰ এজন ব্যক্তি। ধৃত ব্যক্তিজনৰ নাম হনুমন্তপা।বৰ্তমান তেওঁৰ বয়স ৭২ বছৰ।
হত্যাকাণ্ডৰ দুটা দশকৰো অধিক সময় আৰক্ষীৰ পৰা পলায়ন কৰা হনুমন্তপ অৱশেষত আৰক্ষীৰ জালত ।
বৃহস্পতিবাৰে কৰ্ণাটকৰ কোপ্পাল জিলাৰ গংগাৱতী চহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হনুমন্তপক । ৪৯ বছৰ বয়সতে তেওঁৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।
আৰক্ষীয়ে জনোৱা মতে, হনুমন্তপা ৰাইচুৰ জিলাৰ হালধল গাঁৱৰ বাসিন্দা।তেওঁ বদৰলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কনিষ্ঠ স্বাস্থ্য সহায়ক হিচাপে কৰ্মৰত আছিল।
আৰক্ষীৰ সূত্ৰৰ অনুসৰি,পত্নীক হত্যা কৰাৰ অভিযোগত ইমান দিনে তেওঁ আত্মগোপন কৰি আছিল । হত্যাকাণ্ডৰ পাছৰে পৰা আৰক্ষীয়ে হনুমন্তপাৰ কোনো সন্ধান পোৱা নাছিল।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি,ইমান দিনে হনুমন্তপাই ভুৱা পৰিচয় লৈ বিভিন্ন ৰাজ্যত ঘূৰি ফুৰিছে।
সেই ঘটনাৰ সুদীৰ্ঘ ২২ বছৰ পাৰ হৈ গ’ল। কিছুদিন আগতে তেওঁ নিজৰ গাঁৱলৈ উভতি আহিছিল। বয়সৰ লগে লগে তেওঁৰ শাৰীৰিক আৰু মুখৰ চেহেৰাও সলনি হৈছে।
গতিকে এইবাৰো তেওঁ পুলিচৰ চকুৰ পৰা আঁতৰি থাকিব পাৰিব বুলি অনুমান কৰিছিল । যদিও তেওঁৰ শেষ উপায় সম্ভৱ নহ’ল। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি আৰক্ষীয়ে হনুমন্তপক গ্ৰেপ্তাৰ কৰে।






























