Japan: অহা পাঁচ জুলাইৰ সম্ভাব্য প্রাকৃতিক দুর্যোগক লৈ থৰে থৰে কঁপিছে জাপান। নতুন বাবা ভাংগাৰূপে জনাজাত জাপানী মাংগা শিল্পী ৰিঅ’ টাটছুকিৰ এক ভবিষ্যদ্বাণী অনুসৰি, উক্ত দিনা জাপানৰ বৃহৎ অংশ ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ কৱলত পৰিব।
এই প্রাকৃতিক দুৰ্যোগৰ ফলত দ্বীপ ৰাষ্ট্ৰখনৰ একাধিক মহানগৰ সাগৰত ডুব যাব বুলি ভবিষ্যদ্বাণী কৰিছে টাটছুকিয়ে। তেওঁ পূৰ্বে কৰা কেতবোৰ ভবিষ্যদ্বাণী নির্দিষ্ট সময়ত আখৰে আখৰে মিলি যোৱাত মাংগা শিল্পীজনৰ আগন্তুক ভবিষ্যদ্বাণীক লৈ জাপানী লোকৰ মানত গভীৰ সংশয়ৰ সৃষ্টি হৈছে।
কেৱল জাপানী লোকসকলেই নহয়, আগন্তুক সময়ত দেশখন ভ্রমণ কৰিবলৈ লোৱা বহুতে আতংকিত হৈ এই ভ্রমণ স্থগিত বা বাতিল কৰিছে। এনে লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে। ‘দ্য ফিউচাৰ আই ছ’ (মই দেখা ভৱিষ্যৎ) শীর্ষক গ্রন্থত নতুন বাবা ভাংগা টাটছুকিয়ে উল্লেখ কৰা অনুসৰি, অহা পাঁচ জুলাইত জাপানক আগুৰি থকা সাগৰৰ পানীৰ তলত এক বিস্ফোৰণ বা আগ্নেয়গিৰিৰ উদগীৰণ ঘটিব।
ইয়াৰ ফলত সাগৰৰ পানী উতলি উঠিব, প্রকাণ্ড প্ৰকাণ্ড বুৰবুৰনিৰ সৃষ্টি হ’ব। ইয়ে ২০১১ৰ ট’হকো ভূমিকম্পৰ সময়ত সৃষ্ট চুনামিতকৈ শক্তিশালী এক প্রকাণ্ড চুনামিয়ে দক্ষিণ জাপান আৰু ইয়াৰ ওচৰ-পাঁজৰ অঞ্চলসমূহক খুন্দা মাৰিব।
এই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ ফলত দেশখনৰ দক্ষিণাঞ্চলৰ একাধিক মহানগৰ আৰু ওচৰ-পাঁজৰৰ অঞ্চলসমূহ সাগৰত ডুব যাব বুলি তেওঁ ভৱিষ্যদ্বাণী কৰিছে। তেওঁৰ এই ভৱিষ্যদ্বাণীৰ কথা পোহৰলৈ অহাত দেশখনৰ পৰ্যটন খণ্ডত একপ্ৰকাৰ খহনীয়াৰ সৃষ্টি হৈছে।
এই সম্ভাব্য প্রাকৃতিক দুর্যোগক লৈ শংকিত হৈ সমগ্র বিশ্বৰ পৰ্যটকে আগন্তুক দিনত জাপান ভ্রমণ বাতিল অথবা স্থগিত কৰিছে। এই পৰ্যটকসকলৰ অধিকাংশই হৈছে হংকং আৰু টাইবানৰ। পোহৰলৈ অহা তথ্য অনুসৰি, আগন্তুক দিনত জাপান ভ্ৰমণ কৰিবলৈ লোৱা হংকঙৰ লোকৰ সংখ্যা ৮৩ শতাংশ পর্যন্ত হ্রাস পাইছে।
একাংশ পৰ্যটকৰ আশংকা হ’ল যে নতুন বাবা ভাংগাই ভবিষ্যদ্বাণী কৰাৰ দৰে অহা পাঁচ জুলাইত অধিক ধ্বংসাত্মক প্রাকৃতিক দুর্যোগে দেখা নিদিলেও জাপানত যে কিবা এটা ভয়ংকৰ ঘটনা সংঘটিত হ’ব, সেয়া নিশ্চিত। জাপানত ধ্বংসলীলা চলাব বুলি ধাৰণা কৰা এই সম্ভাব্য প্রাকৃতিক দুর্যোগকেন্দ্রিক বাতাবৰণে পৰ্যটকসকলৰ মনত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে।
বিপদৰ বতৰা আগতীয়াকৈ পাই ব্যৱস্থা লোৱাটোৱেই সমীচীন বুলি বহু পর্যটকে আগন্তুক কে’বা সপ্তাহলৈ জাপান ভ্রমণ স্থগিত ৰাখিছে। অৱশ্যে জাপানৰ মিয়াগি প্ৰদেশৰ গৱৰ্ণৰ য়’শ্বিহিৰো মুৰাই এই ভৱিষ্যদ্বাণীক লৈ আতংকিত নহ’বলৈ জাপানী নাগৰিকসকলৰ লগতে পৰ্যটকসকলৰ প্ৰতি আহ্বান জনাইছে।
গৱৰ্ণৰজনে কয় যে দেশখনৰ দক্ষিণাঞ্চল অহা পাঁচ জুলাইত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিব বুলি চৰকাৰে কোনো ধৰণৰ সতৰ্কতা জাৰি কৰা নাই। মাথোঁ গুজবত ভিত্তি কৰি ভ্ৰমণসূচী সলনি নকৰিবলৈ পৰ্যটকসকলৰ প্ৰতি তেওঁ আহ্বান জনাইছে। একেদৰে জাপান চৰকাৰেও আশা প্রকাশ কৰিছে যে কোনো ধৰণৰ দুৰ্যোগৰ সম্মুখীন নোহোৱাকৈয়ে আগন্তুক মাহ পাৰ হ’ব।
অৱশ্যে জাপান চৰকাৰৰ এনে দৃঢ় মতেও সাধাৰণ জাপানী লোক আৰু পৰ্যটকসকলৰ মনৰ আশংকা দূৰ কৰিব পৰা নাই। কাৰণ নতুন বাবা ভাংগা টাটছুকিয়ে২০১১ৰ জাপানৰ ভূমিকম্প-চুনামিৰো সঠিক ভবিষ্যদ্বাণী কৰিছিল।
আনকি তেওঁ ব্রিটিছ ৰাজকুমাৰী ডায়েনা আৰু ফ্রেডী মাৰক্যুৰীৰ মৃত্যু সম্পর্কেও শুদ্ধ ভৱিষ্যদ্বাণী কৰিছিল। তদুপৰি সমগ্র বিশ্বক জোঁকাৰি যোৱা ক’ভিড-১৯ মহামাৰীৰো তেওঁ ভবিষ্যদ্বাণী কৰিছিল। তেওঁৰ আন এক উদ্বেগজনক ভৱিষ্যদ্বাণী হ’ল যে আগন্তুক ২০৩০ত এটা নতুন ভাইৰাছে বিশ্বত জোঁকাৰণি তুলিব। এই ভাইৰাছ কৰ’না ভাইৰাছতকৈ অধিক বিপজ্জনক হ’ব বুলিও তেওঁ ভৱিষ্যদ্বাণী কৰি থৈছে।
মাংগা শিল্পী টাটছুকিক নতুন বাবা ভাংগা বুলি আখ্যা দিয়াৰ কাৰণ বাবা ভাংগা আছিল বুলগেৰিয়াৰ এজন বিখ্যাত ৰহস্যবাদী। তেওঁ কে’বাটাও শুদ্ধ ভবিষ্যদ্বাণী কৰিছিল। জাপানী মাংগা শিল্পী ৰিঅ’ টাটছুকিয়েও কে’বাটাও শুদ্ধ ভৱিষ্যদ্বাণী কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক নতুন বাবা ভাংগা আখ্যা দিয়া হৈছে। ‘দ্য ফিউচাৰ আই ছ’ গ্ৰন্থৰে বিখ্যাত হোৱা টাটছুকিয়ে তেওঁৰ ভৱিষ্যৎ দেখাৰ শক্তি থকা বুলি দাবী কৰে।






























