search operation : তিনিজন জৈছ উগ্ৰপন্থীৰ সন্ধানত অভিযান চলাইছে সেনাই। শুকুৰবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছে অনুসন্ধান অভিযান। বৃহস্পতিবাৰে সেনাৰ স’তে হোৱা এনকাউণ্টাৰত এজন উগ্ৰপন্থী নিহত হয়। সেনাৰ সূত্ৰ অনুসৰি নিহত উগ্ৰপন্থীজন এজন পাকিস্তানী। তেওঁৰ নাম হায়দৰ ওৰফে মৌলৱী।
সেনাৰ এক সূত্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, এজন উগ্ৰপন্থী নিহত হোৱাৰ বিপৰীতে বাকী তিনিজন উগ্ৰপন্থীয়ে বসন্তগড়ৰ বনাঞ্চলত আশ্ৰয় লৈছে।
উগ্ৰপন্থীৰ সন্ধানত ড্ৰ’ন আৰু স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছে। বৃহস্পতিবাৰে বসন্তগড়ৰ বিহালী অঞ্চলত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে যৌথ অভিযান চলায়।
সেনাৰ সূত্ৰ অনুসৰি দুয়োপক্ষৰ মাজত হোৱা গুলীবৰ্ষনত এজন পাকিস্তানী উগ্ৰপন্থী নিহত হয়। শেহতীয়াকৈ বসন্তগড়ৰ জংঘল ব্যৱহাৰ কৰি উগ্ৰপন্থীয়ে কথুৱাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে ভাৰতত অনুপ্ৰৱেশ কৰি আহিছে।
স্থানীয় সূত্ৰই দাবী কৰা অনুসৰি, বৃহস্পতিবাৰেও সেই পথেৰে ভাৰতত অনুপ্ৰৱেশ কৰিছিল।উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য পোৱাৰ লগে লগে তাত সেনা-আৰক্ষীয়ে অভিযান চলায়।
কাৰুৰ নালাত আত্মগোপন কৰিছিল উগ্ৰপন্থীয়ে। তাৰ পৰাই বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে উগ্ৰপন্থীয়ে ।
সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পছে জনোৱা মতে, উগ্ৰপন্থীয়ে ধৰা পৰাৰ পৰা হাত সাৰিবলৈ পাহাৰীয়া পথ আৰু বনাঞ্চলৰ মাজেৰে বসন্তগড়ত প্ৰৱেশ কৰে।
অনুমান কৰা হৈছে যে উগ্ৰপন্থীসকলক অনুপ্ৰৱেশ কৰাত সহায় কৰিছিল একাংশ স্থানীয় লোকে যিয়ে উগ্ৰপন্থীৰ বাবে ‘অভাৰগ্ৰাউণ্ড শ্ৰমিক’ হিচাপে কাম কৰিছিল।
শেহতীয়াকৈ সেনাই পাঁচজন ‘অভাৰগ্ৰাউণ্ড শ্ৰমিক’ক গ্ৰেপ্তাৰ কৰিছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত গ্ৰেপ্তাৰ হৈছে বহু ‘অভাৰগ্ৰাউণ্ড শ্ৰমিক’। সূত্ৰৰ অনুসৰি, জৈছ উগ্ৰপন্থীক এজন স্থানীয় ব্যক্তিয়ে সহায় কৰিল।






























