Ethiopian Airlines: পুনৰ মধ্য আকাশত বিপত্তি। বিমানৰ ভিতৰত বায়ুৰ চাপ কমি যোৱাত হঠাৎ অসুস্থ হৈ পৰে সাত জন যাত্ৰী। দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানে মুম্বাইত জৰুৰীকালীন অৱতৰণ কৰে।
তথ্য অনুসৰি, শুকুৰবাৰে ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবাৰ পৰা উৰা মাৰিছিল বিমানখন। আৰব সাগৰৰ ওপৰেৰে ৩৩ হেজাৰ ফুট উচ্চতাত উৰণৰ সময়ত বিমানখনৰ ভিতৰৰ বায়ুৰ চাপ হঠাতে কমি যায়।
ইয়াৰ পাছতে বিমানৰ ভিতৰত হঠাৎ অসুস্থ হৈ পৰে সাত জন যাত্ৰী ।কেৱল সেয়াই নহয়, বায়ুৰ চাপ কমি যোৱাৰ বাবে বিমানখনো দ্ৰুতগতিত নামিবলৈ আৰম্ভ কৰে।
ইয়াৰ পাছতে বিমানখনৰ ভিতৰত আতংকৰ সৃষ্টি হয়। পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি পাইলটে মুম্বাইৰ ছাত্রপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি)ৰ স’তে যোগাযোগ কৰে।
এটিচিৰ পৰা গ্ৰীণ চিগনেল পোৱাৰ পাছতে বিমানখনে মুম্বাইত জৰুৰীকালীন অৱতৰণ কৰাৰ সিদ্ধান্ত লয়। সূত্ৰৰ অনুসৰি, অৱতৰণৰ লগে লগে সাতজন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি তেওঁলোক চিকিৎসাধীন হৈ আছে।






























