Cm Reaction:
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এগৰাকী সাংবাদিকৰ বিৰুদ্ধে কৰা কথিত অৱমাননামূলক মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কক হস্তক্ষেপ কৰে । জয়ন্তমল্ল বৰুৱাই কৰা
‘শব্দৰ ব্যৱহাৰ ভাল হোৱা’ বুলি অভিহিত কৰি মুখ্যমন্ত্রীয়ে মন্ত্রী গৰাকীক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আহবান জনাই ৷ একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ বাবে দুখ প্রকাশ কৰি ‘যদি জয়ন্তমল্লই কিবা কৈছে ময়ো ক্ষমা খুজিছো ‘বুলি তাৎপৰ্য মন্তব্য প্ৰকাশ কৰে ৷
আনহাতে মুখ্যমন্ত্ৰীয়ে কৰ্মৰত সাংবাদিক আৰু সংবাদ মাধ্যমৰ মালিকীস্বত্বৰ মাজত এক সমালোচনাত্মক- গঠনমূলক আলোচনা হোৱা উচিত। ‘আমাৰ ৰাজনৈতিক যুদ্ধত সাংবাদিক লক্ষ্য নহয়।মই ব্যক্তিগতভাৱে এই মন্তব্য শুনা নাই, কিন্তু সংবাদ মাধ্যমৰ বিৰুদ্ধে যদি অনুপযুক্ত ভাষা ব্যৱহাৰ কৰা হৈছিল তেন্তে সেয়া শুধৰণি কৰিব লাগিব।’ “কিন্তু ৰাজনীতিবিদ আৰু সংবাদ মাধ্যমৰ মালিকৰ মাজত সংঘাতত জড়িত নহ’ব। প্ৰয়োজনত মালিকৰ বিৰুদ্ধে কথা কওঁ ,সেই অধ্যায়টো পৃথক হৈ থাকিব দিয়ক।”
পূৰ্বে ৰাজনৈতিক আলোচনাৰ আওতালৈ অহা অসমীয়া অভিধান হেমকোষৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “হেমকোষ এক জাতীয় সম্পদ। এনে তাৎপৰ্যপূৰ্ণ বিষয়বোৰ কেতিয়াও বিতৰ্কৰ মাজলৈ টানি নিব নালাগে।”ইতিমধ্যে অসমীয়া জাতিৰ সম্পদ ৰূপে সদায় স্বীকৃত হৈ আহিছে হেমকোষ ৷
উল্লেখ্য যে,যোৱা শুকুৰবাৰে গীৰ গাই বিতৰ্কক লৈ এখন সংবাদমেলৰ সময়ত মন্ত্ৰী বৰুৱাই সাদিন-প্ৰতিদিনৰ এগৰাকী সাংবাদিকক “নিম্ন শ্ৰেণী”ৰ ব্যক্তি বুলি উল্লেখ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷
ইয়াৰ পিছতে ৰাজ্যজুৰি সাংবাদিক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়৷ আজি ৰাজ্যজুৰি সাংবাদিক সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰে আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক অচিৰেই ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী কৰে ৷
# মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দ্বাৰা সাংবাদিকক কৰা অপমানৰ বাবে দুখ প্ৰকাশ মন্ত্রী পীয়ূষ হাজৰিকাৰ
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক লৈ কৰা তৰল মন্তব্যৰ বাবে হাতযোৰ কৰি ক্ষমা বিচাৰিলে ৰাজ্যৰ জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাই। কেবিনেট সতীৰ্থ গৰাকীৰ হৈ দুখ প্রকাশ কৰে মন্ত্রী হাজৰিকাই ৷
