Mp Ajit Kr Bhuyan:
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ উন্নয়ন পুঁজি ব্যয়ত অনিয়মৰ সম্পৰ্কত দাখিল হ’ল অভিযোগনামা। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই চলাই থকা তদন্তৰ পাছত ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত ২৪০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে।
ইয়াত সাংসদ ভূঞাৰ লগতে দুজন অসম অসামৰিক সেৱাৰ বিষয়া, এজন গাণনিকৰ উপৰি বিভিন্ন আঁচনিৰ নিৰ্মাণ সমিতিৰ সাতজন সদস্যৰ নাম অন্তর্ভুক্ত কৰা হৈছে। অভিযোগনামাত সাংসদ ভূঞাসহ ১০ জনক অভিযুক্ত কৰা হৈছে। সাংসদ অজিত ভূঞাৰ আয়বহিৰ্ভূত সম্পত্তিৰ তথ্য লাভৰ কথাও উল্লেখ চাৰ্জশ্বীটত | অভিযোগনামাত উল্লেখ কৰা হৈছে যে বিভিন্ন আঁচনিত হোৱা খেলিমেলিৰ অভিযোগৰ ভিত্তিত তদাৰকী শাখাই ৪৪টা স্থানত তদন্ত কৰিছিল। তাৰে ২২টা স্থানত কোনো কাম কৰাই নহ’ল; অথচ আবণ্টিত ধন ঠিকাদাৰে উলিয়াই নিয়ে।
আকৌ ১৭টা স্থানত অলপ কাম কৰা হয় যদিও তাতো ঠিকাদাৰে ভুৱা বিলৰে সৰকাই নিয়ে। তদাৰকী শাখাটোৱে সাংসদ ভূঞাৰ বিৰুদ্ধে গোচৰ চলোৱাৰো পোষকতা কৰিছে। সাংসদগৰাকীৰ বিৰুদ্ধে গোচৰ চলাবলৈ চৰকাৰে বিচাৰিব ৰাষ্ট্ৰপতিৰ অনুমতি | ৰাষ্ট্ৰপতিৰ পৰা অনুমোদন লাভ কৰিলেই চিএম ভিজিলেন্সে ৰুজু কৰিব গোচৰ |






























