Sensex:ছেনছেক্সৰ উত্থান: চাৰিদিনত ১২ লাখ কোটি আয় বিনিয়োগকাৰীৰ

ইৰান-ইজৰাইলৰ যুদ্ধবিৰতি, ভাৰত-মার্কিন চুক্তিৰ সম্ভাৱনাকে ধৰি বিভিন্ন কাৰকৰ প্ৰভাৱ, ৬৪০ পইণ্টৰ ঊর্ধ্বলৈ নিফটীও

STOCK

Sensex:

বিগত চাৰি দিনত দেশৰ শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলে প্ৰচুৰ লাভ অর্জন কৰিবলৈ সক্ষম হয়। এই কেইদিনত ব’ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক (ছেনছেক্স)ৰ ২১শৰো অধিক পইণ্টৰ উত্থান ঘটাত বিনিয়োগকাৰী সকলে ১২ লাখ কোটি টকা আয় কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে দিনান্তত স্টক এক্সচেঞ্জ বন্ধ হোৱালৈ ছেনছেক ৮৪,০৫৮.৯০ হয়।

দিনটোত ছেনছেক্স ১,৯১৯ পইন্ট ঊর্ধ্বমুখী হয়। এনেদৰে ছেনছেক্সৰ উত্থান ঘটাত মাথোঁ চাৰিটা দিনতে বিনিয়োগকাৰীসকলে ১২ লাখ কোটি টকা আয় কৰিবলৈ সক্ষম হয়। একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় স্টক এক্সচেঞ্জৰ সূচকাংক (নিফটা)ও ঊর্ধ্বমুখী হৈ আছে। নিফটী বৃদ্ধি পায় ৬৪০ পইন্ট। উল্লেখ্য যে যোৱা বছৰৰ ২৭ ছেপ্টেম্বৰত নিফটীৰ সৰ্বকালৰ সৰ্ববৃহৎ উত্থান ঘটে। উক্ত দিনা নিফটীৰ ঊর্ধ্বমুখী গতিয়ে ২৬,২২৭.৩৫ক স্পর্শ কৰে। একেদৰে উক্তদিনা ছেনছেক্সো সর্বকালৰ সৰ্বাধিক ৮৫,৯৭৮.২৫ হয়।

আনহাতে, ভাৰতীয় শ্বেয়াৰ বজাৰৰ বিগত চাৰিদিনত হোৱা উত্থানৰ কেতবোৰ কাৰণ ব্যাখ্যা কৰিছে বিশ্লেষকসকলে। বিশ্লেষকসকলৰ মতে ইৰান-ইজৰাইলৰ ১২ দিনীয়া যুদ্ধই যি ভূ-ৰাজনৈতিক অস্থিৰতা নমাই আনে সেয়া দেশ দুখনৰ মাজত হোৱা যুদ্ধবিৰতিয়ে দূৰ কৰে। ভূ-ৰাজনৈতিক পৰিস্থিতি স্বাভাবিক হ’বলৈ ধৰাত পৰিৱেশ বজাৰ অনুকূল হয়। ইয়াৰ প্ৰভাৱ ইতিবাচক ৰূপত পৰে দেশৰ দুয়োখন শ্বেয়াৰ বজাৰত। ফলত দুয়োখন শ্বেয়াৰ বজাৰৰ সূচকাংক ঊর্ধ্বমুখী হ’বলৈ ধৰে। লক্ষ্যণীয় যে ইৰান-ইজৰাইলৰ যুদ্ধই আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যক লৈও অনিশ্চয়তাৰ সৃষ্টি কৰে।

এই অস্থিৰতা ভাৰতৰ অৰ্থনীতি আৰু বজাৰৰ বাবে এটা বৃহৎ নেতিবাচক কাৰকৰূপে চিহ্নিত হৈছিল। মূৰকত যুদ্ধৰত দেশ দুখনৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হোৱাত এনে অস্থিৰতা-অনিশ্চয়তা দূৰ হয়। দেশৰ শ্বেয়াৰ বজাৰ দুখনৰ আন এক প্রধান কাৰণৰূপে চিহ্নিত হৈছে অহা ন জুলাইৰ ভিতৰত ভাৰত-মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত স্বাক্ষৰ হ’ব লগা বাণিজ্যিক চুক্তি। এই চুক্তিয়ে শুল্কক লৈ বিৰাজ কৰি থকা অনিশ্চয়তা দূৰ কৰিব বুলি বহুতে আশা কৰিছে। এনে আশাবাদিতাই শ্বেয়াৰ বজাৰত ইতিবাচক প্রভাব পেলাইছে। উল্লেখ্য যে কালি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰে যে ৱাশ্বিংটন আৰু দিল্লীৰ মাজত অচিৰে এক অতি বৃহৎ বাণিজ্যিক চুক্তি স্বাক্ষৰ হ’ব।

বিগত চাৰিদিনত ভাৰতীয় শ্বেয়াৰ বজাৰত ধাৰাবাহিক উত্থান সম্পর্কত গেঅ’জিট ইনভেষ্টমেন্টছ লিমিটেডৰ গৱেষণা মুৰব্বী বিনোদ নায়াৰে কয়, ‘মধ্য প্রাচ্যত যুদ্ধবিৰতি ঘোষণা আৰু নতুন দিল্লী-ৱাশ্বিংটনৰ মাজত বাণিজ্যিক চুক্তিৰ সময়সীমা ঘোষণা কৰাটোৱে বিনিয়োগকাৰীসকলৰ মনৰ পৰা কলীয়া ডাৱৰ দূৰ কৰিছে।’ ভাৰতৰ শ্বেয়াৰ বজাৰৰ এই বৃহৎ উত্থানত মার্কিন ডলাৰ দুৰ্বল হোৱাটোৱে ক্রিয়া কৰা বুলি চর্চিত হৈছে। মধ্য প্রাচ্যত ভূ-ৰাজনৈতিক অস্থিৰতা দূৰ হোৱাত মার্কিন ডলাৰৰ মূল্য আজি বিগত ৫২ সপ্তাহৰ সর্বনিম্ন হয়।

তদুপৰি মার্কিন কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজার্ভে অলপতে সুতৰ হাৰ কৰ্তন কৰাৰ কথা। এই সন্দর্ভত সৃষ্ট জল্পনা-কল্পনাই ভাৰতীয় শ্বেয়াৰ বজাৰত ইতিবাচক প্রভাৱ পেলাইছে। ভাৰতে বিশ্বৰে অন্যতম বৃহৎ দ্রুত বিকাশশীল অর্থনীতিৰ দেশৰ স্বীকৃতি অক্ষুণ্ণ ৰখাৰ ইতিবাচক প্ৰভাৱো দেশৰ শ্বেয়াৰ বজাৰত পৰিছে। এনে কেতবোৰ কাৰকৰ প্ৰভাৱত দেশৰ শ্বেয়াৰ বজাৰৰ প্ৰচণ্ড উত্থান ঘটিছে বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে।

Exit mobile version