Madhya Pradesh:২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি ধুমধামেৰে ‘বেটি বচাও বেটি পঢ়াও’ কাৰ্যসূচী আৰম্ভ কৰিছিল। ইয়াৰ আঠ বছৰৰ পাছত ২০২৩ চনৰ জুলাই মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লোকসভাত দাখিল কৰা এক প্ৰতিবেদনত কোৱা হৈছিল যে ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত দেশৰ ১৮ বছৰৰ ওপৰৰ ১০,৬১,৬৪৮ গৰাকী মহিলা আৰু ১৮ বছৰৰ তলৰ ২,৫১,৪৩০ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে।
সেই মাহৰ শেষত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি নিৰুদ্দেশ হোৱা মহিলাৰ সংখ্যা ১৩.১৩ লাখ।
বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ দ্বাৰা পৰিচালিত মধ্যপ্ৰদেশে নিৰুদ্দেশ হোৱা লোকৰ তালিকাত শীৰ্ষস্থান দখল কৰে। তাত তিনি বছৰত নিৰুদ্দেশ হৈছে ১,৬০,১৮০ গৰাকী মহিলা আৰু ৩৮,২৩৪ গৰাকী নাবালিকা।তাৰ পাছত আৰু দুবছৰ পাৰ হৈ গ’ল। সেই পৰম্পৰা অব্যাহত আছে।
এগৰাকী ছয় বছৰীয়া কিশোৰী নিৰুদ্দেশৰ গোচৰত নিৰপেক্ষতাৰ বাবে যোৱা মে’ মাহত মধ্যপ্ৰদেশ চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে।
য’ত কোৱা হৈছে যে ৰাজ্য আৰক্ষীৰ তথ্যই প্ৰমাণ কৰিলে যে বিগত তিনি বছৰত মধ্যপ্ৰদেশত আৰু ৩৫০০ মহিলা আৰু নৱালিকা নিৰুদ্দেশ হৈছে।
তথ্য অনুসৰি মধ্যপ্ৰদেশত প্ৰতিদিনে গড়ে ২৮ গৰাকী মহিলা আৰু তিনিগৰাকী নৱালিকা সন্ধানহীন হৈ পৰে।
২০০৩ চনৰ পৰা মধ্যপ্ৰদেশত বিজেপি চৰকাৰৰ ক্ষমতা।একেৰাহে ২২ বছৰ। আৰু ২০১৪ চনৰ পৰাই ক্ষমতাত থকা ডাবল ইঞ্জিন চৰকাৰ।ৰাজ্যত যোৱা বিধানসভা নিৰ্বাচনতো বিজেপিয়ে জয়লাভ কৰে।
বিগত কেইমাহমানৰ পৰা এই ডাবল ইঞ্জিনযুক্ত ৰাজ্যখনত ব্যক্তিগত ঘৰৰ পৰা শিশু আৰু কিশোৰ-কিশোৰী নিৰুদ্দেশ হোৱাৰ বহু খবৰ সম্প্ৰচাৰিত হৈছে।
যদিও তদন্তকাৰীয়ে এই ঘটনাবোৰৰ সত্যতা স্বীকাৰ কৰিছে, তথাপিও নিৰুদ্দেশ হোৱা শিশু বা কিশোৰ-কিশোৰীক এতিয়াও বিচাৰি পোৱা নাই।
যোৱা ৩৪ মাহত মধ্যপ্ৰদেশৰ উজ্জয়িনত প্ৰায় ৬৭৬টা নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে। তথাপিও আশ্চৰ্যজনকভাৱে তাত এটাও অভিযোগ দাখিল কৰা হোৱা নাই।
ৰাজনৈতিক আৰু আৰক্ষীৰ হেঁচাত সাধাৰণ ৰাইজে গোচৰ ৰুজু কৰিবলৈ ভয় কৰাৰো অভিযোগ উত্থাপন হৈছে।
গুৰুত্বপূৰ্ণ চহৰ ইন্দোৰত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ২৩৮৪ জন।ইয়াৰে মাত্ৰ ১৫ টা গোচৰ পঞ্জীয়ন হৈছে। আন বিৰোধী ৰাজ্যলৈ আঙুলিয়াই দিয়া বিজেপিয়ে নিজৰ ৰাজ্যত মহিলাৰ সুৰক্ষাৰ ভয়াবহ অৱনতি দেখিও সম্পূৰ্ণ নিমাত!






























