United States: আমেৰিকাৰ আইডাহ’ত বন্দুকধাৰীৰ আক্ৰমণ। অগ্নিনিৰ্বাপক বাহিনীৰ লোকক লক্ষ্য কৰি গুলীচালনা। ঘটনাটোত দুজন লোকৰ মৃত্যু হয়। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আক্রমণকাৰীক৷
আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে আইডাহ’ৰ কুটেনাই কাউন্টিৰ এখন উদ্যানত অগ্নিকাণ্ড সংঘটিত হয়। এই তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। যুদ্ধকালীন তৎপৰতাত জুই নিৰ্বাপন কৰা হয়।
সেই সময়ত হঠাতে অগ্নিনিৰ্বাপক বাহিনীক লক্ষ্য কৰি এজন যুৱকে নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰিলে। ইয়াৰ পাছতে চাৰিওফালে আতংকৰ সৃষ্টি হয়।
আক্ৰমণকাৰীৰ গুলীৰ ফলত থিতাতে মৃত্যু হয় দুজন অগ্নিনিৰ্বাপক বাহিনীৰ। গুলীচালনাৰ তথ্য লাভ কৰাৰ পাছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছিল।
যদিও আৰক্ষী অহাৰ পূৰ্বেই পলায়ন কৰে অভিযুক্ত।ওদাহ’ৰ এজন আৰক্ষী বিষয়া ৰবাৰ্ট ন’ৰিছে কয়, ‘এতিয়ালৈকে আমি দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ মৃত্যুৰ খবৰ পাইছো।সেই সময়ত অঞ্চলটোত বহু পৰ্যটকৰ আছিল।অৱশ্যে তেওঁলোকৰ কোনো ক্ষতি হোৱা নাই।কিন্তু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে তাৰ পৰা পৰ্যটক আৰু সাধাৰণ লোকক খালী কৰা হৈছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ অনুসন্ধান আৰম্ভ কৰা হৈছে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে।”






























