India US trade deal:অহা সপ্তাহৰ ভিতৰত ভাৰতৰ স’তে বাণিজ্যিক চুক্তি সম্পাদন কৰিব আমেৰিকাই! সূত্ৰসমূহে জনোৱা মতে, চুক্তিৰ চৰ্তসমূহৰ ওপৰত দুয়োপক্ষই একমত হৈছে।
বাণিজ্য বিভাগৰ বিশেষ সচিব ৰাজেশ আগৰৱালাৰ নেতৃত্বত ৱাশ্বিংটনলৈ গৈছে এই চুক্তিৰ বিষয়ে আলোচনা কৰিব ভাৰতে।
ইয়াৰ পাছতে খবৰ আহিছিল যে ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি আঠ জুলাইত স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ।লক্ষনীয় যে ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰা শুল্ক ৰেহাইৰ ম্যাদ পিছদিনা শেষ হ’ব।
যোৱা বৃহস্পতিবাৰে হোৱাইট হাউছত অনুষ্ঠিত হোৱা ‘বিগ বিউটিফুল ইভেণ্ট’ত অংশ লৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তাত ভাষণ দি থাকোঁতে তেওঁ কয়, “সকলোৱে আমাৰ লগত চুক্তি কৰিব বিচাৰে। ভাবি চাওকচোন। কেইমাহমানৰ আগতে এই সংবাদ মাধ্যমে কৈছিল,কোনো দেশে বাণিজ্যিক চুক্তি কৰিবলৈ আগ্ৰহী নেকি? মই তেওঁলোকক সোঁৱৰাই দিব বিচাৰো, আমি মাত্ৰ কালি চীনৰ স’তে চুক্তিবদ্ধ হৈছো। আমি আন এটা ডাঙৰ চুক্তি কৰিবলৈ ওলাইছো, সম্ভৱতঃ ভাৰতৰ স’তে। ই এটা ডাঙৰ চুক্তি হ’ব।”
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত চাৰিদিনীয়া বন্ধ দুৱাৰৰ আলোচনাৰ অন্তত এই ঘোষণা কৰা হৈছে। ট্ৰাম্পৰ এই কথাই আলোচনা সফল হোৱাৰ ইংগিত দিলে।
উল্লেখ্য যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই তেওঁ বিশ্বব্যাপী শুল্ক যুদ্ধ ঘোষণা কৰিছিল।সেই তালিকাৰ পৰা ভাৰতক বাদ দিয়া হোৱা নাছিল।
১০ শতাংশ বাধ্যতামূলক শুল্কৰ উপৰিও ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ অতিৰিক্ত কৰ আৰোপ কৰিছিল যদিও মাৰ্কিছে নিজেই কাৰ্যকৰীকৰণৰ তাৰিখ পিছুৱাই দিছিল।
ভাৰতে বিচাৰিছিল যে আমেৰিকাই ২৬ শতাংশ শুল্ক সম্পূৰ্ণৰূপে আঁতৰাই পেলাওক। অৱশ্যে সূত্ৰই জনোৱা মতে, দুয়োপক্ষই কেবাটাও সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।
ভাৰতৰ পৰা ৰপ্তানি কৰা বস্ত্ৰ, গহনা, চামৰাৰ সামগ্ৰী, প্লাষ্টিক, ৰাসায়নিক সামগ্ৰী, তৈলবীজ, ফলমূল আদিৰ ওপৰত কৰ হ্ৰাস কৰাৰ প্ৰস্তাৱ আমেৰিকাই আগবঢ়াইছে।
বিনিময়ত আমেৰিকাই বৈদ্যুতিক গাড়ী, মদ, দুগ্ধজাত সামগ্ৰী আদি বস্তুৰ ওপৰতো কৰ হ্ৰাস কৰিবলৈ কৈছে। তথ্য অনুসৰি,দুয়োপক্ষৰ মাজত চুক্তি হৈছে।






























