Operation Sindoor:
পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ প্রতিশোধ কল্পে ভাৰতীয় সামৰিক বাহিনীয়ে গ্রহণ কৰা ‘অপাৰেছন সিন্দূৰ’ত ভাৰতীয় যুদ্ধবিমান ধ্বংস হোৱাৰ কাৰণ হ’ল ৰাজনৈতিক হস্তক্ষেপ। স্বয়ং দেশৰ এজন শীর্ষ সামৰিক বিষয়াই এই তথ্য প্রকাশ কৰিছে।
ইণ্ডোনেছিয়াস্থিত ভাৰতীয় দূতাবাসৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ প্ৰতিনিধিৰূপে নিয়োজিত শীর্ষ নৌসেনা
বিষয়া কেপ্টেইন শিৱ কুমাৰে উত্থাপন কৰা এই অভিযোগে স্বাভাৱিকতে বিব্রত কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰক। প্রধানমন্ত্রী মোদী সমন্বিতে বিজেপিয়ে ‘অপাৰেছন সিন্দূৰ’ৰ বিজয় উৎসৱ পালন কৰি থকাৰ সময়তে সদ্য অনুষ্ঠিত ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত শীর্ষ নৌসেনা বিষয়াজনে কয়, ‘অপাৰেছন সিন্দূৰত ভাৰতৰ কিছু যুদ্ধবিমান ধ্বংস হয়।
ইয়াৰ কাৰণ আছিল ৰাজনৈতিক বাধা। পাকিস্তানৰ সেনা বা বায়ুসেনা ঘাটিত আক্রমণ নকৰাটো ৰাজনৈতিক নেতৃত্বই বিচাৰিছিল।’ উল্লেখ্য যে অপাৰেছন সিন্দূৰত ভাৰতৰ ক্ষয়-ক্ষতি সম্পৰ্কীয় তথ্য মোদী চৰকাৰে প্ৰকাশ কৰা নাই। পাকিস্তানে দাবী কৰা অনুসৰি এই অভিযানত সময়ত দেশখনে ৰাফেলসহ ভাৰতৰ দুখন যুদ্ধবিমান ধ্বংস কৰে।
অৱশ্যে ভাৰত চৰকাৰে পাকিস্তানৰ এই দাবী দৃঢ়তাৰে খণ্ডন কৰি আহিছে। চৰকাৰী এনে স্থিতিৰ বিপৰীতে অপাৰেছন সিন্দূৰত ভাৰতৰ যুদ্ধবিমান ধ্বংস হোৱাৰ তথ্য প্রথমে প্রকাশ কৰে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী (চিডিএছ) জেনেৰেল অনিল চৌহানে। ছিংগাপুৰত এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত এটা মার্কিন সংবাদ মাধ্যমৰ আগত জেনেৰেল চৌহানে মন্তব্য কৰিছিল যে যুদ্ধত ক্ষয়-ক্ষতি ডাঙৰ কথা নহয়।
ডাঙৰ কথাটো হ’ল কিয় ক্ষয়-ক্ষতি হ’বলৈ পালে? তৎসত্ত্বেও চিডিএছ চৌহানৰ ভাষ্যই দেশত তুমুল আলোড়নৰ সৃষ্টি কৰে। শেহতীয়াভাৱে তেওঁৰ সুৰতে সুৰ মিলাই ইণ্ডোনেছিয়াস্থিত শীর্ষ নৌসেনা বিষয়াজনে কৰা এই মন্তব্যই দেশত অধিক তোলপাৰ লগাইছে। কাৰণ তেওঁ অপাৰেছন সিন্দূৰত ৰাজনৈতিক হস্তক্ষেপতহে দেশৰ যুদ্ধবিমান ধ্বংস হ’ল বুলি মন্তব্য কৰে শীৰ্ষ নৌসেনা বিষয়াজনৰ অভিযোগ সম্বলিত এই মন্তব্যৰ আঁত ধৰি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছ।
দলৰ অভিযোগ হ’ল যে মোদী চৰকাৰে দেশবাসীক ভুল তথ্য প্রদান কৰি বিভ্রান্ত কৰিছে। এই সম্পৰ্কত দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী জয়ৰাম ৰমেশে সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘প্রথমে দেশৰ চিডিএছে ছিংগাপুৰত গুৰুত্বপূৰ্ণ তথ্য প্রকাশ কৰিলে। এতিয়া আৰু এজন শীর্ষ সামৰিক বিষয়াই গুৰুত্বপূর্ণ তথ্য ফাদিল কৰিলে। কিন্তু প্রধানমন্ত্রীয়ে সর্বদলীয় বৈঠক আয়োজন কৰা নাই আৰু বিৰোধীক একো তথ্য জনোৱা নাই। সংসদৰ বিশেষ অধিবেশনৰ আহ্বান জনোৱা নাই।’ ইপিনে, শীর্ষ নৌসেনা বিষয়াজনৰ এই মন্তব্যই দেশত আলোড়ন সৃষ্টি কৰাৰ পাছত বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে ইণ্ডোনেছিয়াস্থিত ভাৰতীয় দূতাবাসে।
অপাৰেছন সিন্দূৰ সম্পৰ্কত সামৰিক বিষয়াজনে আগবঢ়োৱা বক্তব্যৰ অপ্ৰাসংগিক উক্তি সংবাদ মাধ্যমে প্ৰচাৰ চলাইছে বুলি দূতাবাসে মন্তব্য কৰিছে। এই সম্পর্কত সামাজিক মাধ্যম ‘এক্স’ত এই দূতাবাসে এটা প’ষ্টত কয়, ‘এখন আলোচনাচক্রত প্রতিৰক্ষা প্ৰতিনিধিয়ে কৰা মন্তব্যক লৈ প্ৰচাৰিত সংবাদ মাধ্যমৰ বাতৰি আমি দেখিছো। তেওঁৰ মন্তব্য অপ্রাসংগিকভাৱে উল্লেখ কৰা হৈছে আৰু বক্তাৰ অভিপ্ৰায় আৰু আস্থাক ভুলকৈ সংবাদ মাধ্যমে উপস্থাপন কৰিছে।’ দূতাবাসৰ প’ষ্টটোত লগতে কোৱা হয়, ‘আমাৰ কিছুসংখ্যক চুবুৰীয়া দেশৰ দৰে নহয়, ভাৰতীয় সশস্ত্র বাহিনীসমূহে অসামৰিক ৰাজনৈতিক নেতৃত্বৰ অধীনত সেৱা আগবঢ়োৱাৰ কথাটো তেওঁ উত্থাপন কৰে। তেওঁ লগতে ব্যাখ্যা আগবঢ়ায় যে অপাৰেছন সিন্দূৰৰ উদ্দেশ্য আছিল সন্ত্রাসবাদীৰ আন্তঃগাঁথনি আঘাত হনা আৰু ভাৰতৰ প্ৰত্যাঘাতৰ লক্ষ্য পৰিস্থিতি অৱনতি ঘটোৱাটো নাছিল।






























