Tamilnadu:ভয়াৱহ বিস্ফোৰণত কঁপি উঠিল তামিলনাডুৰ শিৱকাশিত । তাত থকা এটা জনপ্ৰিয় ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।
ADVERTISEMENT
বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে বহু দূৰলৈকে ঘন ধোঁৱায়ে আৱৰি আছিল।স্থানীয় লোকে দাবী কৰিছে যে কাৰখানাটোৰ ভিতৰত অবিৰতভাৱে বিস্ফোৰণ সংঘটিত হৈ আছে।
ফটকাৰ কাৰখানা হোৱাৰ বাবে কাৰখানাটোত বহুতো জ্বলনশীল সামগ্ৰী মজুত থকাৰ বাবে পৰিস্থিতি অধিক গুৰুতৰ ৰূপ ল’ব পাৰে বুলি আশংকা কৰা হৈছে।
উল্লেখ্য যে, ফটকা উৎপাদনৰ বাবে শিৱকাশী জনপ্ৰিয়। তাত কেবাটাও ফটকা কাৰখানা আছে।






























