Road Constraction:ৰাস্তাত কোনো ধৰণৰ গাঁত আদি নাই। পথৰ – দুয়োকাষে গছৰ শাৰী। অৱশ্যে গছ কেৱল পথৰ দুই কাষতেই নহয়, পথৰ মাজতো সিঁচৰতি হৈ আছে। তাৰ ফলতে সৃষ্টি হৈছে সমস্যা। নিতৌ সংঘটিত হৈছে দুর্ঘটনা। এনে পথেই আছে বিহাৰত।
ৰাজধানী পাটনাৰ পৰা মাত্র ৫০ কিলোমিটাৰ নিলগৰ জেহানাবাদত। এশ কোটি টকা ব্যয় কৰি তাত পাটনা-গয়া পথ সম্প্ৰসাৰণত উদ্যোগী হয় ৰাজ্য চৰকাৰ। সম্প্ৰসাৰণ হ’লেও সেই পথটো মানুহৰ কোনো কামত নহাৰ অভিযোগ উঠিছে।
স্থানীয় লোকে দাবী কৰিছে যে ৰঙা ফিটাৰ মেৰপেছতে সেই প্রকল্প সম্পূৰ্ণৰূপে বিফল হৈছে। দীর্ঘদিন ধৰি জেহানাবাদত এই পাটনা-গয়া পথ সম্প্ৰসাৰণৰ দাবী কৰি আহিছিল স্থানীয় লোকে।
সেই অনুসৰি, জিলা প্রশাসনে এশ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰে। ৰাস্তাৰ কাষত থকা গছ কাটিবলৈ বিচাৰি জিলা প্রশাসনে বন বিভাগৰ অনুমতি বিচাৰে।
বন বিভাগে চর্ত দিয়ে যে নতুন বনভূমি সৃষ্টিৰ বাবে ১৪ হেক্টৰ ভূমি দিব লাগিব। অৱশ্যে জিলা প্রশাসনে সেই ভূমি দিব নোৱাৰিলে। ফলত বন বিভাগেও গছ কটাৰ অনুমতি নিদিলে।
অৱশ্যে তাতো হতোদ্যম নহ’ল বিহাৰৰ জেহানাবাদ প্রশাসন। তেওঁলোকে গছ ৰাখিয়েই ৰাস্তা নিৰ্মাণ কৰে। ৭.৪৮ কিলোমিটাৰ পথ সম্প্ৰসাৰণ কৰা হয়; কিন্তু তাৰ মাজতে থাকি গ’ল বহুতো গছ।
সেই গছত খুন্দা মাৰি উক্ত ৰাস্তাত ইতিমধ্যে বহু দুর্ঘটনা সংঘটিত হৈছে। এইদৰেই চলিব নেকি বুলিও প্রশ্ন উঠিছে। বহুতে প্রশ্ন কৰিছে যে ডাঙৰ দুৰ্ঘটনা হ’লে তাৰ দায়িত্ব কোনে ল’ব? অৱশ্যে প্রশাসনে এই বিষয়ত এতিয়াও মুখ খোলা নাই।






























