Aadhaar Card:বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ আৰম্ভণিতে বিত্তীয় লেনদেনৰ স’তে জড়িত নিয়মত কিছু পৰিৱৰ্তন। আয়কৰ ৰিটাৰ্ণ দাখিলৰ পৰা ক্ৰেডিট কাৰ্ডৰ লেনদেনলৈকে, এটিএম সেৱাৰ পৰা আৰম্ভ কৰি টিকট বুকিংলৈকে,এটিএম সেৱাৰ পৰা টিকট বুকিং কৰাকে ধৰি আনকি ডিজেল আৰু পেট্ৰ’ল ক্ৰয় কৰাৰ সময়তো এতিয়া সমগ্ৰ দেশতে নতুন নিয়ম প্ৰযোজ্য হৈছে।
বিগত তিনি বছৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আধাৰ কাৰ্ডক পেন কাৰ্ডৰ স’তে সংযোগ কৰিবলৈ কেবাটাও নিৰ্দেশনা জাৰি কৰিছে।
কিন্তু ইয়াৰ পাছটো সমগ্ৰ দেশৰ প্ৰতিজন পেন কাৰ্ডধাৰীৰ আধাৰ আৰু পেনৰ লিংকিং সম্পূৰ্ণ হোৱা নাই।কিন্তু মঙলবাৰৰ পৰা পান কাৰ্ডৰ লগতে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে।
তথ্য অনুসৰি, যদি লিংক কৰা হোৱা নাই তেন্তে বাতিল হোৱাৰ আশংকা আছে।এক জুলাইৰ পৰা নতুন পান কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আধাৰ পৰীক্ষণ বাধ্যতামূলক।
ইতিমধ্যে যিসকলৰ পান আছে তেওঁলোকে ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰৰ স’তে লিংক কৰিব লাগিব।অন্যথা পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব পাৰে।
নতুন নিয়ম অনুসৰি তটকালৰ টিকট বুকিং কৰাৰ বাবেও আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। ১৫ জুলাইৰ পৰা সকলো ধৰণৰ বুকিঙৰ বাবে দুটা পদক্ষেপৰ নিৰাপত্তা পৰীক্ষণ প্ৰৱৰ্তন কৰা হৈছে।
বাধ্যতামূলকভাৱে অ’টিপি দিব লাগিব। তদুপৰি ৰেলৱেৰ টিকটৰ দাম বাঢ়িছে।অ’টিপি দিয়াটো বাধ্যতামূলক হ’ব। তদুপৰি ৰেলৱেৰ টিকটৰ দাম বাঢ়িছে।
চিবিডিটিয়ে জনোৱা মতে, আয়কৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।ফলত দৰমহা নিৰ্ভৰশীল কৰদাতাসকলে অতিৰিক্ত ৪৬ দিন লাভ কৰিছে।
আনহাতে, ক্ৰেডিট কাৰ্ডৰ লেনদেনৰ চাৰ্জৰ নতুন নিয়ম মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব।অৱশ্যে বেংকৰ ভিত্তিত ই বেলেগ। লগতে জুলাই মাহৰ পৰা GSTR-3B ৰিটাৰ্ণ দাখিল হ’লে ইয়াক সম্পাদনা কৰিব নোৱাৰিব। তথ্যসমূহ স্বয়ংক্ৰিয়ভাৱে GSTR-1/1A ৰ পৰা লোৱা হ’ব।






























