Covid 19: ক’ভিডৰ পৰৱৰ্তী সময়ছোৱাত হঠাৎ হাৰ্ট এটেকত হোৱা মৃত্যুৰ কাৰণ বিচাৰি এক দীৰ্ঘম্যাদী গৱেষণা চলায় ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ), নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এনচিডিচি) আৰু এইমছে ।
তেওঁলোকৰ গৱেষণাৰ প্ৰতিবেদন অনুযায়ী ক’ভিড ভেকচিন আৰু আকস্মিক অকাল মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই।
দেশত ৪০ বছৰৰ তলৰ লোকৰ মাজত হাৰ্ট এটেকৰ হাৰ বৃদ্ধি পোৱাক লৈ উদ্বেগৰ মাজতে প্ৰকাশ পালে এই গৱেষণাৰ ফলাফল ।
এই প্ৰতিবেদন অহাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্টকৈ উল্লেখ কৰে যে,যুৱক-যুৱতীসকলে Covid-19 ভেকচিন লোৱা আৰু তেওঁলোক হৃদৰোগত আক্ৰান্ত হোৱাৰ মাজত কোনো সম্পৰ্ক নাই।
বৰঞ্চ বিপদজনক, বিশৃংখল জীৱনশৈলী আৰু পূৰ্বতে থকা ৰোগৰ বাবে হৃদযন্ত্ৰ অকালতে বিকল হৈ পৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বিবৃতিত হঠাৎ মৃত্যুৰ আঁৰত অকাল হৃদৰোগৰ কাৰণ হিচাপে জেনেটিক্স আৰু ক’ভিডৰ পাছৰ জটিলতাও উল্লেখ কৰা হৈছে।
ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এনচিডিচি)য়ে দীৰ্ঘদিন ধৰি ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ হঠাৎ মৃত্যুৰ কাৰণ বুজিবলৈ কাম কৰিহিছে।
২০২৩ চনৰ মে’ মাহৰ পৰা আগষ্টলৈকে ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন কেয়াৰ হাস্পতালৰ তথ্য ব্যৱহাৰ কৰি এই অধ্যয়ন চলোৱা হৈছিল।
এই অধ্যয়নৰ মূল কেন্দ্ৰবিন্দু আছিল এনে ক্ষেত্ৰত, য’ত কোনোবাই আপাত দৃষ্টিত সুস্থ আছিল যদিও ২০২১ চনৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত হঠাতে মৃত্যু হৈছিল।
কিন্তু দীৰ্ঘদিনীয়া অধ্যয়নৰ অন্ততো হাৰ্ট এটেকৰ ফলত যুৱক-যুৱতীসকলৰ মৃত্যু আৰু Covid-19 ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ মাজত কোনো সম্পৰ্ক নাছিল।






























