Himachal Pradesh: বাৰিষাৰ প্ৰচণ্ড বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে হিমাচল প্ৰদেশ। বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। ২০ জুনৰ পৰা আৰম্ভ হোৱা বৰষুণে উত্তৰ দিশৰ এই পাহাৰীয়া ৰাজ্যখনত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ভূমিস্খলন আৰু আকস্মিক বানৰ বাবে বৰ্তমানলৈ ৫১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কমেও ২২ জন লোক সন্ধানহীন হৈ আছে ।
যুদ্ধৰকালীন তৎপৰতাত অব্যাহত আছে উদ্ধাৰৰ অভিযান । অৱশ্যে বিপদ এতিয়াও শেষ হোৱা নাই। বতৰ বিজ্ঞান বিভাগে আগন্তুক ৪৮ ঘন্টালৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।
ফলত বিশেষজ্ঞসকলৰ মতে হিমাচল প্ৰদেশত বিপদ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে ।
হিমাচল প্ৰদেশৰ ইমাৰ্জেন্সি অপাৰেচন চেণ্টাৰৰ তথ্য অনুসৰি যোৱা ২০ জুনৰ পৰা এক জুলাইলৈ ৰাজ্যখনত কমেও ৫১ জন লোকৰ মৃত্যু হৈছে।ইয়াৰ উপৰিও অসংখ্য ঘৰৰ ক্ষতিসাধন হৈছে।
ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাখন হৈছে মাণ্ডী। তাতে কমেও ১০ জন লোকৰ মৃত্যু হৈছে। সন্ধানহীন হৈছে কমেও ৩৪জন। সমগ্ৰ হিমাচল প্ৰদেশত আহত লোকৰ সংখ্যা কমেও ১০৩ জন।
নেৰানেপেৰা বৰষুণৰ ফলত পানীত বুৰ গৈছে বিপাশা । মাণ্ডীৰ সমান্তৰালকৈ চিমলা আৰু কুল্লুতো পৰিস্থিতি অতি ভয়াৱহ। কুল্লুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈছে নদীৰ পানী।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ একাধিক দল মোতায়েন কৰা হৈছে। পূৰ্ণ গতিত চলিছে উদ্ধাৰৰ কাম।
পূৰ্ণ গতিত চলিছে উদ্ধাৰৰ কাম। যদিও ধাৰাবাহিক বৰষুণে উদ্ধাৰ কামত বাধাৰ সৃষ্টি কৰিছে। ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ বাবে পাহাৰীয়া ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে ।






























