GST: যোৱা পাঁচ বছৰৰ ভিতৰত ভাৰতত মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহৰ পৰিমাণ যোৱা বিত্তীয় বৰ্ষত দ্বিগুণ বৃদ্ধিৰে ২২.০৮ লাখ কোটি টকা হ’ল।
২০২০-২১ বিত্তীয় বর্ষত দেশত সংগ্ৰহ কৰা জিএছটিৰ পৰিমাণ আছিল ১১.৩৭ লাখ কোটি টকা। ২০২৪-২৫ বিত্তীয় বর্ষত দেশত ২২.০৮ লাখ কোটি টকাৰ জিএছটি চৰকাৰে লাভ কৰিলে।
কেন্দ্ৰৰ চৰকাৰে এই তথ্য সদৰী কৰিলে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তুলনাত কেন্দ্ৰৰ জিএছটি আদায়ৰ পৰিমাণ ৯.৪ শতাংশ বৃদ্ধি পালে।
যোৱা বিত্তীয় বর্ষত প্রতিমাহে গড়ে জিএছটি আদায়ৰ পৰিমাণ আছিল ১.৮৪ লাখ কোটি টকা। ২০২৩-২৪ বিত্তীয় বর্ষত মাহে গড়ে ১.৬৮ লাখ কোটি টকা আৰু ২০২১-২২ বিত্তীয় বর্ষত গড়ে ১.৫১ লাখ কোটি টকাৰ অধিক জিএছটি চৰকাৰে লাভ কৰিছিল।
যোৱা আঠ বছৰত জিএছটিৰ অধীনস্থ নথিভুক্ত কৰদাতাৰ সংখ্যা ১.৫১ কোটিৰ অধিক হৈছিল। ২০১৭ত এই সংখ্যা আছিল ৬৫ লাখ। কেন্দ্ৰৰ চৰকাৰে এক বিবৃতিত উল্লেখ কৰা অনুসৰি, ২০১৭ৰ এক জুলাইৰ পৰা দেশত জিএছটি ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত ৰাজহ আদায় যথেষ্ট বৃদ্ধি পাইছে।






























