Siddaramaiah:বিগত ৪০ দিনত হাৰ্ট এটেকত আক্ৰান্ত হৈ ২০ জন লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ বয়স ২০ৰ পৰা ৪৫ বছৰ।কৰ্ণাটকৰ হাছান জিলাৰ এই মৃত্যুত মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কৰ’না ভেকচিনৰ ওপৰত অভিযোগ দি আঙুলি তুলিলে।
ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে এই ঘটনা সংঘটিত হৈছে নে নাই তাক তদন্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ কমিটী তৈয়াৰ কৰি তদন্তৰ নিৰ্দেশ দিয়ে।
হাছান জিলাত ধাৰাবাহিকভাৱে হোৱা মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰি ছিদ্দাৰমাইয়াই মঙলবাৰে কয় যে,”ক’ৰনা ভেকচিনৰ খৰখেদাকৈ অনুমোদন আৰু বাধ্যতামূলক টিকাকৰণ এই মৃত্যুৰ কাৰণ হ’ব পাৰে। বিশ্বজুৰি শেহতীয়া বহু গৱেষণাই হৃদৰোগৰ মৃত্যুৰ কাৰণ এই ভেকচিনৰ কাৰণ বুলি দোষাৰোপ কৰিছে।”
ৰাজ্যবাসীলৈ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ বাৰ্তা , “কোনোবাই যদি বুকুৰ বিষ আৰু উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে তেন্তে নিশ্চিতভাৱে ওচৰৰ চিকিৎসালয়লৈ যাব লাগে। এই বিষয়ত যিকোনো অৱহেলা বিপদজনক হ’ব পাৰে।”
মুখ্যমন্ত্ৰীয়ে আৰু কয়, “কেৱল হাছান জিলাতে হৃদৰোগত আক্ৰান্ত হৈ ২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। চৰকাৰে বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে। মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ জয়দেৱ ইনষ্টিটিউট অৱ কাৰ্ডিঅ’ভাস্কুলাৰ ছায়েন্স এণ্ড ৰিচাৰ্চৰ সঞ্চালক ডাঃ ৰবীন্দ্ৰনাথৰ নেতৃত্বত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে। ১০ দিনৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব।”
যদিও ক’ভিড (Covid)ভেকচিনৰ বাবে হৃদৰোগৰ কাৰণ নুই কৰিছে কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ দেশতে এই অস্বাভাৱিক হৃদৰোগৰ বাবে অনিয়ন্ত্ৰিত জীৱনশৈলী, মদ্যপান আৰু ধূমপান দায়ী বুলি দাবী কৰা হৈছে।
কিন্তু চৰকাৰৰ এই দাবীৰ পাছতো সন্দেহ দূৰ হোৱা নাই।কৰ্ণাটকৰ হাছান জিলাৰ পৰা শেহতীয়া তথ্য অনুসৰি শেহতীয়াকৈ ২১ৰ পৰা ২৩জন লোকৰ হাৰ্ট এটেকত মৃত্যু হৈছে।
ইয়াৰে পাঁচ জনৰ বয়স ১৯-২৫ বছৰৰ ভিতৰৰ। আঠজনৰ বয়স ২৫-৪৫ বছৰৰ ভিতৰত।স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত দুই বছৰত জিলাখনত হৃদৰোগৰ বাবে ৫০৭ জন লোকৰ মৃত্যু হৈছে।






























