Horrific murder in Kharghuli :
অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী ৷ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীৰ ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্য ৷ শেহতীয়াকৈ মহানগৰীত সঘনাই সংঘটিত হোৱা কে’বাটাও চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ উদ্বিগ্ন মহানগৰবাসী ৷
বুধবাৰে পুৱাই পুনৰ সংঘটিত হয় আন এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ৭২ বছৰীয়া বৃদ্ধাক কাঁচিৰে ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ । এই ঘটনা সংঘটিত হয় খাৰঘূলিত সংঘটিত ৷ দুৰ্ভগীয়া বৃদ্ধা গৰাকীৰ নাম বন্দনা দাস ৷ মহিলা গৰাকীৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এখন কাঁচি। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে লতাশিল আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে মৃত্যু বৃদ্ধা গৰাকীৰ কেয়াৰটেকাৰ হিচাপে নিয়োজিত থকা ৰাতুল দাস আৰু তেওঁৰ পত্নীক সুকীয়া সুকীয়াকৈ সোধপোছ কৰিছে ৷ আৰক্ষীৰ সন্দেহৰ আওতাত দম্পতীহাল ৷ আনহাতে ঘটনাস্থলীত উপস্থিত থকা ফৰেণছিকৰ দলে ইতিমধ্যে সংগ্ৰহ কৰিছে ৰাতুল দাস আৰু তেওঁৰ পত্নীৰ ফিংগাৰ প্ৰিণ্ট ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ ডিচিপি অমিতাভ বসুমতাৰীয়ে সদৰি কৰা মতে ,এইয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ বৃদ্ধা গৰাকীক কাঁচিৰে ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰা হৈছে ৷ আৰক্ষীয়ে জব্দ কৰিছে কাঁচি খন |
উল্লেখ্য যে,মৃত বৃদ্ধা গৰাকীৰ স্বামী তিলক দাস শাস্ত্ৰীৰ মৃত্যু হৈছিল ২০০১ চনত ৷ তেতিয়াৰ পৰা বন্দনা দাসে খাৰখূলিৰ ঘৰটোত বসবাস কৰি আছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ ঘৰৰ চৌহদতে থকাৰ ব্যৱস্থা কৰি দিছিল ৰাতুল দাসক ৷ পেছাগতভাৱে ৰাতুল ৰাজমিস্ত্ৰীৰ কাম কৰিছিল। বন্দনা দাসৰ চৌহদতে থকা হেতুকে কেয়াৰটেকাৰ হিচাপেও নিয়োজিত থাকি ৰাতুল দাস আৰু পত্নী কুঞ্জলতা দাসে সকলো কাম কৰি দিছিল বন্দনা দাসৰ ৷
সৰবৰহী বৃদ্ধা গৰাকীক কোনে কি কাৰণত নৃশংসভাৱে হত্যা কৰিলে সেয়া আৰক্ষীৰ ক্ষীপ্ৰ তদন্ততহে পোহৰলৈ আহিব বুলি মন্তব্য কৰে বন্দনা দাসৰ পৰিয়ালবৰ্গই ৷






























