ইচ্ছা কৰিলে দুগুণ ভাড়া ল’ব পাৰিব অ’লা-উবাৰে : কেন্দ্ৰৰ নতুন নিৰ্দেশিকা প্ৰকাশ 

images 1 1

New Rules For Ola, Uber: ইচ্ছা কৰিলে অ’লা-উবাৰৰ কেবে যাত্ৰীৰ পৰা দুগুণ পর্যন্ত ভাড়া আদায়ৰ কর্তৃত্ব লাভ কৰিলে। স্বয়ং কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ে শেহতীয়াভাৱে এক নতুন যান-বাহন নির্দেশিকা (এমভিএজি), ২০২৫ প্রকাশ কৰিছে।

এই নির্দেশনাত স্পষ্টভাৱে উল্লেখ আছে যে ব্যস্ত সময় (পিক আৱাৰ্ছ) ত অ’লা-উবাৰৰ কেবে মূল ভাড়াৰ দুগুণ পর্যন্ত ভাড়া যাত্ৰীৰ পৰা আদায় কৰিব পাৰিব। বর্তমানে এনে কেবে মূল ভাড়াৰ ডেৰগুণ পর্যন্ত যাত্ৰীৰ পৰা আদায় কৰিব পাৰে।

ইয়াৰ পৰিমাণ সম্প্ৰতি কেন্দ্রীয় চৰকাৰে দুগুণলৈ বৃদ্ধি কৰিছে। আনহাতে, ব্যস্ত সময়ক বাদ দি দিনটোৰ আন সময়ছোৱাত কেবসমূহে যাত্ৰীৰ পৰা মূল ভাড়া আৰু মূল ভাড়াৰ ৫০ শতাংশ দাবী কৰিব পাৰিব।

এই নতুন নির্দেশিকা আগন্তুক তিনিমাহৰ ভিতৰত দেশৰ সকলো ৰাজ্যত বলবৎ হ’ব বুলি উল্লেখ আছে। এই নতুন নির্দেশিকাত পথ অনুযায়ী মূল ভাড়া কিমান হ’ব সেয়া নির্ধাৰণৰ কর্তৃত্ব ৰাজ্য চৰকাৰসমূহক প্ৰদান কৰা হৈছে।

অৱশ্যে সময় বিশেষে ভাড়া নির্ধাৰণৰ স্বাধীনতা এপ নিৰ্ভৰ কেব সংস্থাসমূহক কেন্দ্ৰই প্ৰদান কৰিছে। ইপিনে, কেন্দ্ৰৰ এই নতুন নির্দেশিকা অনুযায়ী ভাড়াৰ অন্ততঃ ৮০ শতাংশ ধন কেব সংস্থাসমূহে চালকক দিব লাগিব।

সংশ্লিষ্ট সংস্থাৰ স’তে স্বাক্ষৰিত চুক্তি অনুসৰি, চালকসকলক দৈনিক, সাপ্তাহিক অথবা পষেক ভিত্তিত সংশ্লিষ্ট সংস্থাই ধন আদায় দিব লাগিব বুলিও উক্ত নির্দেশিকাত উল্লেখ আছে। অর্থাৎ কেব সংস্থাসমূহে চালকৰ প্ৰাপ্য ধন বকেয়াৰূপে ৰাখিব নোৱাৰিব। অৱশ্যে যদি গাড়ী মালিকীস্বত্ব সংশ্লিষ্ট সংস্থাৰ হাততে থাকে, তেন্তে চালকক প্রযোজ্য ভাড়াৰ কমেও ৬০ শতাংশ দিব লাগিব।

তদুপৰি কোনো যাত্ৰীয়ে যদি বুকিঙৰ পাছত বৈধ কাৰণ অবিহনে যাত্রা বাতিল কৰে, তেন্তে তেনে এজন যাত্রীক সর্বাধিক এশ শতাংশ পর্যন্ত জৰিমনা বিহাৰ কৰ্তৃত্ব কেন্দ্ৰই প্ৰদান কৰিছে। আনহাতে, যদি এজন চালকে কোনো নির্দিষ্ট কাৰণ অবিহনে যাত্রা বাতিল কৰে, তেন্তে তেওঁক এশ টকা পর্যন্ত জৰিমনা বিহাৰ কৰ্তৃত্ব চৰকাৰে কেব সংস্থাক প্রদান কৰিছে।

কেন্দ্ৰৰ এই নতুন নির্দেশিকাত কোৱা হৈছে যে মূল ভাড়া যাত্রাপথৰ ন্যূনতম তিনি কিলোমিটাৰ হ’ব। এই তিনি কিলোমিটাৰৰ মাজত যাত্ৰীক উঠাবলৈ যোৱা আৰু গাড়ীত ইন্ধন ভৰোৱা তথা যাত্রী অবিহনে কৰা যাত্রাকো সামৰি লোৱা হৈছে।

অৱশ্যে ‘ডেড মাইলেজ’ বা যাত্রী অবিহনে কৰা যাত্ৰাৰ খৰছ যাত্ৰীৰ ওপৰত জাপি দিয়া নহ’ব বুলি উক্ত নির্দেশিকাত কোৱা হৈছে।আনহাতে, কেন্দ্ৰৰ এই নির্দেশিকাক কেব সংস্থাসমূহে আদৰণি জনাইছে। এই সম্পর্কক ৰেপিড’ সংস্থাই কয় যে কেন্দ্ৰৰ এই পদক্ষেপে দেশক বিকশিত ভাৰতৰ দিশত আগুৱাই নিব।

Exit mobile version