Bihar: সোণম কাণ্ডৰ পাছত সমগ্ৰ দেশতে এনেধৰণৰ কেবাটাও ঘটনা পোহৰলৈ আহিছে। এইবাৰ বিহাৰত বিয়াৰ ডেৰ মাহৰ ভিতৰতে পত্নীয়ে হত্যা কৰিলে এজন ২৫ বছৰীয়া যুৱকক।
এই হত্যাকাণ্ডৰ অভিযুক্ত হৈছে নৱবিবাহিতা মহিলা আৰু তেওঁৰ খুড়াক। তথ্য অনুসৰি খুড়াকৰ লগত যুৱতীগৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক।যাৰ বাবে যুৱতীগৰাকীয়ে স্বামীক হত্যা কৰাৰ অভিযোগ।
আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনাটো ঔৰংগাবাদ জিলাত সংঘটিত হৈছে। অভিযুক্ত ২০ বছৰীয়া গুঞ্জা দেৱী আৰু তেওঁৰ খুড়াক ৫৫ বছৰীয়া জীৱন সিং।
দুয়ো মিলি বিয়াৰ ৪৫ দিনৰ পাছত গুঞ্জাৰ স্বামী প্ৰিয়ংশুক হত্যা কৰে ! স্বামীক হত্যা কৰিবলৈ গুঞ্জাই ভাড়াতীয়া শ্বুটাৰ ব্যৱহাৰ কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱতীগৰাকী আৰু গুলীচালনাকাৰী দুজনক গ্ৰেপ্তাৰ কৰিছে।
আনজন অভিযুক্ত জীৱন পলাতক। তেওঁৰ সন্ধানত অভিযান চলিছে।তদন্ত অনুসৰি গুঞ্জা আৰু জীৱনৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। দুয়োয়ে বিয়া পাতিব বিচাৰিছিল ।
যদিও পৰিয়ালৰ লোকে মানি লোৱা নাছিল। তাৰ পৰিৱৰ্তে পৰিয়ালৰলোকে গুঞ্জাক বলপূৰ্বকভাৱে প্ৰিয়ংশুৰ লগত বিয়া দিছিল ।
আৰক্ষী বিষয়া অমৃশ ৰাহুলে কয়,”২৫ জুনত প্ৰিয়ংশু ভনীয়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ উভতি আহিছিল। নবী নগৰ ষ্টেচনত নামি পত্নীক ফোন কৰিছিল। অলপ পাছতে এজন মানুহে বাইকেৰে ষ্টেচনৰ পৰা নিবলৈ আহিছিল। বাটত ভাড়াতীয়া শ্বুটাৰ এজনে প্ৰিয়ংশুক গুলীয়াই হত্যা কৰিছিল।”
প্ৰিয়ংশুৰ হত্যাকাণ্ডৰ তদন্তৰ সন্দেহযুক্ত গুঞ্জাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ফোনটো পৰীক্ষা কৰাত দেখা গ’ল যে যুৱতীগৰাকীয়ে বিয়াৰ পাছতো খুৰাকৰ লগত অবিৰতভাৱে কথা পাতিছিল।
আনহাতে, জীৱন সিঙৰ কল ৰেকৰ্ড পৰীক্ষা কৰি দেখা গ’ল যে তেওঁ দুজনৰ শ্বুটাৰৰ স’তে কথা পাতিছিল।






























