Chhattisgarh:মাওবাদী বিৰোধী অভিযানৰ মাজতে পুনৰ ৰক্তাক্ত চত্তীশগড়। আৰক্ষীৰ তথ্যদাতাৰ সন্দেহত এজন নিৰীহ গাঁওবাসীক হত্যা কৰাৰ অভিযোগ মাওবাদীৰ বিৰুদ্ধে।মঙলবাৰে এই খবৰ নিশ্চিত কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে নিশা বিজাপুৰ জিলাৰ পেৰাম্পল্লী গাঁৱত চোকা অস্ত্ৰৰে মাওবাদীৰ এটা দলে আক্ৰমণ কৰে। অভিযোগ অনুসৰি আৰক্ষীৰ তথ্যদাতা বুলি সন্দেহ কৰি গাঁৱৰ এজন লোকক হত্যা কৰে। নিহত লোকজনৰ নাম কাৱাছি হুংগা।
প্ৰাথমিক তদন্তৰ অন্তত পোহৰলৈ আহিছে যে, মাওবাদীৰ দলটো সাধাৰণ পোছাকত আহিছিল যাৰ বাবে তেওঁলোকক গাঁওবাসীয়ে চিনিব নোৱাৰিলে।
বিজাপুৰৰ এগৰাকী আৰক্ষী বিষয়াই কয়, “মাওবাদীয়ে কাপুৰুষৰ আচৰণ কৰিছে। কোনো কাৰণ নোহোৱাকৈ গাঁওবাসীক আক্ৰমণ কৰিছে।”






























