Pakistan:পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ৰক্তাক্ত খাইবাৰ পাখতুনখোৱা প্ৰদেশত। গ্ৰেনেড বিস্ফোৰণত উৰুৱাই দিয়া হয় এখন চৰকাৰী বাহন। ঘটনাটোত এজন উচ্চপদস্থ বিষয়াকে ধৰি পাঁচজন লোক নিহত হয়। ১১ জন আহত হয়।
তদন্তকাৰীয়ে এই কাণ্ডত টিটিপি জড়িত থকাৰ সন্দেহ কৰিছে।ইয়াৰ পূৰ্বেও বহুবাৰ এই অঞ্চলত তালিবান উগ্ৰপন্থীয়ে আক্ৰমণ কৰি আহিছে।
এ পিৰ সূত্ৰ অনুসৰি বুধবাৰে বিয়লি খাইবাৰ পখতুনখোৱাৰ জনজাতি অধ্যুষিত বজাউৰ জিলাত সংঘটিত হয় এই বিস্ফোৰণ। এই আক্ৰমণত নিহত হয় বাজাউৰৰ সহকাৰী আয়ুক্ত ফৈজাল ইছমাইল আৰু মহকুমাধিপতি আব্দুল ৱাকিল।
লগতে নিহত হয় দুজন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিক। বাজাউৰ আৰক্ষী অধীক্ষক ৱাকাছ ৰফিকে জানিবলৈ দিয়া মতে, খাৰ তহচিলৰ ছিদ্দিকাবাদ ৰেলৱে এলেকাৰ নাওগাই ৰোডৰ এখন চৰকাৰী বাহনত উগ্ৰপন্থীয়ে গ্ৰেনেড নিক্ষেপ কৰে।
আহতসকলক দ্ৰুততাৰে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। এই ঘটনাত টিটিপি জড়িত বুলি তদন্তকাৰীয়ে দাবী কৰিছে।
উল্লেখ্য যে,আফগানিস্তানৰ সহযোগত টিটিপি উগ্ৰপন্থীয়ে দীৰ্ঘদিন ধৰি পাকিস্তানৰ মূৰৰ বিষৰ অন্যতম ডাঙৰ কাৰণ হৈ আহিছে।
খাইবাৰ পাখতুনখোৱা, বেলুচিস্তান আৰু পাক-আফগান সীমান্ত এই উগ্ৰপন্থীৰ ঘাটি হিচাপে পৰিচিত। তাৰ পৰাই প্ৰায়ে পাকিস্তানী সেনাৰ ওপৰত মাৰাত্মক আক্ৰমণ সংঘটিত হয়।






























