Ban on Pak social media:নিষেধাজ্ঞা উঠাই লোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ ব্লক কৰা হয় পাকিস্তানী চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া একাউণ্ট। পহলগাম হত্যাকাণ্ড আৰু ‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভাৰতৰ বিৰুদ্ধে উচটনিমূলক বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত পাকিস্তানী অভিনেতা, ক্ৰীড়াবিদ আৰু নেতাসকলৰ কেবাটাও ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ কৰিছিল ভাৰতে ।
এই তালিকাত আছিল পাকিস্তানৰ কিছুমান আগশাৰীৰ সংবাদ মাধ্যমৰ ইউটিউব চেনেলও। অৱশেষত যুদ্ধবিৰতিৰ এমাহৰ পাছত বুধবাৰে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়।
কিন্তু বৃহস্পতিবাৰে পুৱা দেখিবলৈ পোৱা গ’ল অন্য ছবি!বৃহস্পতিবাৰে পুৱাৰে পৰা পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদী, শ্বোৱেইব আখতাৰ, অভিনেত্ৰী মাউৰা হুছেইন, যুমনা জাইদী, হানিয়া আমিৰ আৰু ফাৱাদ খানৰ দৰে পাকিস্তানী তাৰকাৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্ট ভাৰতত পুনৰ ‘ব্লক’ কৰা হৈছে।
সেই একাউণ্টবোৰ আচলতে সক্ৰিয়। যদিও ভাৰতীয় ব্যৱহাৰকাৰীয়ে দেখা নাপায়। ভাৰতৰ পৰা একাউণ্ট খুলিলে মাত্ৰ লিখা থাকে, “আইনী প্ৰয়োজনীয়তাৰ বাবে ভাৰতত এই একাউণ্টটো বন্ধ কৰি দিয়া হৈছে।”
প্ৰসংগক্ৰমে, বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মতামতৰ ভিত্তিত ভাৰতত নিষিদ্ধ হৈ থকা কেবাটাও পাকিস্তানী চেনেল আৰু একাউণ্ট ‘আনব্লক’ কৰা হৈছিল।
যদিও ২৪ ঘন্টা নৌহওঁতেই পুনৰ একাউণ্টসমূহ বন্ধ হোৱাত জল্পনা-কল্পনা বাঢ়িছে। অৱশ্যে এই নিষেধাজ্ঞা উঠাই পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।






























