Kedarnath: ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডৰ কেবাটাও অঞ্চলত সৃষ্টি হৈছে ভূমিস্খলন। সোণপ্ৰয়াগৰ সমীপৰ মানকটীয়াতো ভূমিস্খলন সংঘটিত হৈছে।
ইয়াৰ বাবেই বৃহস্পতিবাৰে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ যাত্ৰা। দৰ্শনাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা বুলি প্ৰশাসনে অৱগত কৰিছে।
কেতিয়া যাত্ৰা পুনৰ আৰম্ভ হ’ব সেই কথা প্ৰশাসনে বৰ্তমান প্ৰকাশ কৰা নাই। আৰক্ষীয়ে জনোৱা মতে, বৰষুণৰ বাবে মানকটীয়া পথত পাহাৰৰ পৰা শিল পৰিছে।
ফলত ৰাস্তা পথ বন্ধ হৈ পৰিছে । গৌৰীকুণ্ডৰ পৰা উভতি অহাৰ পথত পথত আবদ্ধ হৈ পৰিছিল বহু দৰ্শনাৰ্থী।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে দ্ৰুততাৰে উদ্ধাৰ কৰে। উত্তৰাখণ্ড চৰকাৰী এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰি সোণপ্ৰয়াগলৈ অনা হৈছে। এই সকলোবোৰৰ মাজতে স্থগিত ৰখা হৈছে কেদাৰনাথ যাত্ৰা।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি,অহা আঠ জুলাই পৰ্যন্ত উত্তৰ আৰু পশ্চিম ভাৰতৰ কেবাখনো ৰাজ্যৰ কিছু অংশত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
সেই তালিকাত আছে হিমাচল প্রদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, ৰাজস্থান। ছয় জুলাইলৈকে পূব উত্তৰ প্ৰদেশৰ কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
পঞ্জাৱ আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কিছু অঞ্চলত পাঁচ জুলাইৰ পৰা আঠ জুলাইলৈ প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।বৰষুণৰ সমান্তৰালকৈ অঞ্চলটোত ধুমুহাৰো আগজাননী দিয়া হৈছে।
এনে পৰিস্থিতিত পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আপাততঃ কেদাৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে।





























