Cyber Crime:
বিহপুৰীয়াত চাইবাৰ অপৰাধত অভিযুক্ত পিতা-পুত্র ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পর্যবসিত হৈছে বিহপুৰীয়া। এইবাৰ চাইবাৰ ক্রাইমত জড়িত হ’ল বিজেপিৰ এগৰাকী বুথ সভাপতি। ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ একাংশ লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট কৰি বিহপুৰীয়া অঞ্চলৰ একাংশ যুৱক ৰঙাঘৰৰ আলহী হোৱাৰ সময়তে পুনৰ পোহৰলৈ আহিছে আন এক চাইবাৰ অপৰাধৰ ঘটনা।
বিহপুৰীয়াৰ কাছিকতাৰ বাসিন্দা তথা বিজেপিৰ বুথ সভাপতি মৃদুল শইকীয়া আৰু তেওঁৰ পুত্ৰ মাধুর্য শইকীয়াই বিভিন্ন জনৰ নামত বেংকত অথবা অনলাইনত একাউন্ট খুলি উক্ত একাউন্টসমূহৰ জৰিয়তে লাখ লাখ টকা লেনদেন কৰাৰ তথ্য ৰাজহুৱা হোৱাত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কাছিকতাৰ সুশীল বাঢ়ৈ নামৰ ই-ৰিক্সা চালকজনৰ নামত নিজৰ মেইল আইডি দি বিহপুৰীয়াৰ এইছডিএফচি বেংকত একাউন্ট খুলি কমদিনৰ ভিতৰতে তিনি লাখ ২৭ হেজাৰ টকা বেংকৰ পৰা উঠাই লয় মাধুর্য শইকীয়া নামৰ যুৱকজনে। শেহতীয়াকৈ এইছডিএফচি বেংকৰ তৰফৰ পৰা সুশীল বাঢ়ৈৰ বিৰুদ্ধে তামিলনাডুত এক গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰাত দিকবিদিক হেৰুৱাই পেলাইছে ভুক্তভোগী বাড়ৈয়ে। ইতিমধ্যে এই দুষ্কার্য সম্পৰ্কত বিহপুৰীয়া আৰক্ষী থানাত সুশীল বাড়ৈৰ লগতে কে’বাজনো ভুক্তভোগীয়ে গোচৰ ৰুজু কৰি প্ৰৱঞ্চক পিতা-পুত্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।






























