Fitness: সুস্থ হৈ থাকিবলৈ দৈনন্দিন জীৱনত কিছুমান নিয়ম মানি চলিব লাগিব। কিন্তু নিয়ম মানি চলাৰ অৰ্থ এইটো নহয় যে সকলো সময়তে জিমলৈ গৈ ব্যায়াম কৰা বা কঠোৰ খাদ্যাভ্যাস পালন কৰা নহয়। ফিট হৈ থাকিবলৈ পর্যাপ্ত টোপনি আৰু খাদ্য খোৱাটোও গুৰুত্বপূৰ্ণ।
অৱশ্যে এইটো সঁচা যে বহু সময়ত নিয়ম মানি চলিও সুস্থ হৈ থাকিব নোৱাৰে। গতিকে সুস্থ হৈ থাকিবলৈ অতিৰিক্ত সাৱধান হ’ব লাগে। তাৰ বাবে দিনটোৰ আৰম্ভণিতে কিছুমান নিয়ম মানি চলিব লাগিব, ৰাতিও কিছুমান নিয়ম আছে। সেইবোৰ মানি চলিলে বেমাৰ-ৰোগ নাইকিয়া হৈ যাব।
পর্যাপ্ত টোপনি
বিভিন্ন কাৰণত বহু লোকে ভালদৰে টোপনি নাহে। টোপনিৰ অভাবে শৰীৰত প্ৰভাৱ পেলায়। ক্রমান্বয়ে ওজন কমি যায়। ভিতৰৰ পৰা শৰীৰ দুৰ্বল হৈ পৰে। কামৰ গতি লেহেমীয়া হয়। পাছলৈ পর্যাপ্ত পৰিমাণে টোপনিৰ অভাৱত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। গতিকে কমেও ছঘণ্টা টোপনি অহাটো গুৰুত্বপূর্ণ।
ৰাতি ভজা খাদ্য পৰিহাৰ কৰিব লাগে
বহুতৰে মাজনিশা সৰু সৰু আহাৰ খোৱাৰ অভ্যাস আছে। পুষ্টিবিদসকলৰ মতে এই অভ্যাস একেবাৰেই স্বাস্থ্যকৰ নহয়। মাজনিশা খাদ্য খোৱাৰ ফলত হজম শক্তিৰ সমস্যা হয়। ফলত গেছ আৰু হার্টবাৰ্ণৰ সমস্যা স্থায়ী হৈ থাকে আৰু গেছ জমা হৈ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। মাজনিশাৰ ভোক নিয়ন্ত্ৰণ কৰিব লাগে।
নিজৰ বাবে সময় উলিয়াওক
ৰাতিপুৱাৰ পৰা কঠোৰ পৰিশ্ৰম, অফিচৰ কাম, ব্যস্ততা, মানসিক চাপ, মানসিক উদ্বেগ, এই সকলোবোৰে আপোনাক নিজৰ লগত সময় কটাবলৈ সুযোগ নিদিয়ে। অৱশ্যে সুস্থ হৈ থাকিবলৈ নিজৰ লগত সময় কটাব লাগিব। আজৰি সময়ত কিতাপ পঢ়ক, গান শুনক বা আপোনাৰ প্ৰিয় কাম কৰক। দিনটোৰ ভিতৰত কিছু সময় হ’লেও সকলো কাম এৰি নিজৰ লগত থাকক। ইয়াৰ ফলত আপোনাৰ শৰীৰটোৱেই শিথিল হোৱাই নহয়, মনটোও শিথিল হ’ব।






























