himachal pradesh:প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত কৰি তুলিছে হিমাচল প্ৰদেশ। অৱশ্যে এই পৰিস্থিতিৰ পৰা বৰ্তমান কোনো সকাহ নাই বুলি জনাইছে পূৰ্বাভাস। সোমবাৰলৈকে সকলো জিলাতে প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে।
বৰ্তমানলৈকে এই প্ৰাকৃতিক দুৰ্যোগত ৬৩ জন লোকৰ মৃত্যু হৈছে। বহু এতিয়াও সন্ধানহীন হৈ আছে।
ইয়াৰে ১৭ জন লোকৰ মৃত্যু হৈছে কেৱল মাণ্ডিত। কংগ্ৰা জিলাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জন।চাম্বাত ছজন, শিমলাত পাঁচজন। ইয়াৰ উপৰিও বিলাসপুৰ, হামিৰপুৰ, কিন্নৌৰ, কুল্লু, লাহুল স্পিটি, ছিৰমৌৰ, সোলান আৰু উনা আদি অঞ্চলতো মৃত্যু হৈছে। ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত আহত লোকৰ সংখ্যাও ১০০ জন।
ৰাজ্যৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাখন হৈছে মাণ্ডী। আৰু এই জিলাখনৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল হৈছে থুনাগ আৰু বাগছাই।
আকস্মিক বান আৰু ভূমিস্খলনে এই জিলাৰ কাৰ্ছাগ আৰু ধৰমপুৰ বিধ্বস্ত কৰিছে। স্থানীয় সূত্ৰই দাবী কৰিছে যে কেৱল মাণ্ডীৰ পৰাই ৪০ জন লোক নিৰুদ্দেশ হৈছে।
কেৱল প্ৰাণ হেৰুৱাই নহয়, সা-সম্পত্তিৰ বৃহৎ ক্ষতিও হৈছে। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰিছে যে এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে সমগ্ৰ ৰাজ্যত এতিয়ালৈকে ৪০০ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে।
অৱশ্যে এতিয়া তেওঁলোকে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিয়াবলৈ উদ্ধাৰ কাম আৰু অনুসন্ধান অভিযানক গুৰুত্ব দিব বিচাৰিছে বুলি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ সম্পাদক ডি চি ৰাণাই জানিবলৈ দিয়ে।
প্ৰশাসনিক সূত্ৰ অনুসৰি এই আকস্মিক বান আৰু ভূমিস্খলনত শ শ ঘৰ ধ্বংস হৈছে। আকস্মিক বানে উটুৱাই লৈ গৈছে ১৪খন দলং । মৃত্যু হৈছে ৩০০ টাতকৈও অধিক গৰু। তদুপৰি ৰাজ্যজুৰি ৫০০টা পথ বন্ধ কৰি দিয়া হৈছে।






























