Coal Scam Case:ঝাৰখণ্ডৰ ৰামগড় জিলাৰ পৰিত্যক্ত কয়লা খনিত ভূমিস্খলন হৈ দুৰ্ঘটনা কৱলত পৰিল কেবাজনো শ্ৰমিক। ইতিমধ্যে এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অভিযোগ অনুসৰি পৰিত্যক্ত কয়লা খনিটোত অবৈধ খনন চলি আছিল।
শনিবাৰে পুৱা অবৈধ খননৰ সময়ত কৰ্মা অঞ্চলৰ খনিটোৰ ছাদৰ এটা অংশ ভাঙি পৰে। খনিটোত কেবাজনো শ্ৰমিক আবদ্ধ হোৱাৰ আশংকা।
স্থানীয় কুজু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আশুতোষ কুমাৰ সিঙে কয়,”এতিয়ালৈকে এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে। কাৰণ খনিটোত আৰু কেবাজনো শ্ৰমিক আৱদ্ধ হৈ আছে বুলি আমাৰ হাতত তথ্য আছে।”
উল্লেখ্য যে,বিগত দশকত ঝাৰখণ্ডত কেবাটাও অবৈধ কয়লা খনি ভাঙি গৈছে। অবৈধ খননৰ ফলত পথ, বসতি, কৃষিভূমি ভাঙি পৰিছে।






























