Nehal Modi:আমেৰিকাত গ্ৰেপ্তাৰ নীৰৱ মোডীৰ ভাতৃ নেহাল মোডী। পাঁচ জুলাই অৰ্থাৎ আজি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।চিবিআই, ইডিৰ প্ৰত্যাৰ্পণৰ অনুৰোধৰ পাছতে এই পদক্ষেপ লোৱা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
তেওঁৰ বিৰুদ্ধে ১১ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ। তেওঁৰ বিৰুদ্ধে পিএনবিকে ধৰি বিভিন্ন বেংকৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।
তদন্তকাৰীয়ে সন্দেহ,পিএনবিৰ প্ৰৱঞ্চনাত নীৰৱক সহায় কৰিছিল তেওঁৰ ভাতৃ নেহালে।২০১৯ চনৰ পৰা ব্ৰিটিছ কাৰাগাৰত বন্দী হৈ থকা নীৰৱ মোডী কেবা হেজাৰ কোটি টকাৰ পঞ্জাৱ নেশ্যনেল বেংকৰ জালিয়াতিৰ গোচৰৰ অন্যতম অভিযুক্ত।
ইতিমধ্যে ভাৰতে তেওঁক ‘পলাতক অৰ্থনৈতিক অপৰাধী’ বুলি ঘোষণা কৰিছে।নতুন দিল্লীয়েও ব্ৰিটিছ উচ্চ ন্যায়ালয়ত তেওঁক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছে।
২০১৮ চনত পোহৰলৈ আহে পিএনবিৰ প্ৰথমটো গোচৰ।একাংশ বেংক কৰ্মচাৰীৰ সহায়ত নীৰৱ মোডী আৰু তেওঁৰ মোমায়েক মেহুল চোকচিয়ে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
মুম্বাই ক’ৰ্টত অৱস্থিত পিএনবিৰ ব্ৰেডী হাউছ শাখাত এই বিষয়টো প্ৰথমে পোহৰলৈ আহে । সেই সময়ত প্ৰায় ১৪ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি জনা গৈছিল। বিষয়টো পোহৰলৈ অহাৰ পাছতেই নীৰৱ মোডীয়ে ভাৰতৰ পৰা পলায়ন কৰে।
২০১৮ চনৰ মে’ মাহত চিবিআই আৰু ইডিয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰে। অৱশেষত ২০১৯ চনত লণ্ডনৰ পৰা গ্ৰেপ্তাৰ হয় নীৰৱ। এইবাৰ জালত পৰিল ভাতৃ নেহালও।






























