Flash flood:ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈছে আমেৰিকাৰ টেক্সাছ। আমেৰিকাৰ ৰাজ্যখনৰ দক্ষিণ-পশ্চিম অংশত গুৱাডালুপ নদীত আকস্মিক বান অহাৰ পাছতে পানীত উটি যায় বহুতো ।
স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, এইপৰ্যন্ত নদীখনৰ পৰা ২৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে এতিয়াও বহু লোক সন্ধানহীন হৈ আছে।
সপ্তাহৰ শেষৰ ফালে নদীখনৰ ওচৰৰ অঞ্চলটোত গ্ৰীষ্মকালীন শিবিৰত এটা স্কুলীয়া ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছিল।তেওঁলোকৰ ভিতৰত এই পর্যন্ত ২৩ জনৰ সন্ধান পোৱা নাই । আশংকা কৰা হৈছে যে তেওঁলোকক হয়তো বানপানীয়ে উটুৱাই লৈ গৈছে।
অৱশ্যে টেক্সাছৰ লেফটেনেণ্ট গৱৰ্ণৰ ডেন পেট্ৰিকে জনাইছে,সেই ছাত্ৰ-ছাত্ৰীসকল হয়তো হেৰাই যোৱা নাই । তেওঁলোকে হয়তো নিজৰ জীৱন ৰক্ষাৰ বাবে গছত আশ্ৰয় লৈছে বা তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰা নাই ।
টেক্সাছ প্ৰশাসনে জনোৱা মতে, নিৰুদ্দেশ হোৱা ছাত্ৰ-ছাত্ৰীক বিচাৰি নোপোৱালৈকে আকাশপথত উদ্ধাৰ অভিযান অব্যাহত থাকিব।
ইতিমধ্যে ৫০০ লোকক উদ্ধাৰ অভিযানলৈ প্ৰেৰণ কৰা হৈছে। এই অভিযানত ১৪খন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। অৱশ্যে ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।
কেবাদিনো ধৰি টেক্সাছৰ বহু অংশত প্ৰচণ্ড বৰষুণ দি আহিছে। শুকুৰবাৰে দক্ষিণ-পশ্চিম টেক্সাছত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মাত্ৰ ৪৫ মিনিটতে গুৱাডালুপ নদী ২৬ ফুট (৮ মিটাৰ) ওপৰলৈ বৃদ্ধি পাইছে ।
ধাৰাসাৰ বৰষুণ অব্যাহত থাকিলে নদীখন পুনৰ আকস্মিক বান অহাৰ আশংকা কৰা হৈছে। এই পৰিস্থিতিত টেক্সাছ প্ৰশাসনে নদীৰ পাৰৰ ঠাইবোৰলৈ যোৱাৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিছে।






























