Jorhat :
ৰাজ্যত ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে জাপানী এনকেফেলাইটিছ (জেই)-এ । জিলাই জিলাই সংক্রমিত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে। ইতিমধ্যে কে’বাজনো লোক মৃত্যুমুখত পৰিছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, জেইত আক্ৰান্তৰ সংখ্যা এই পর্যন্ত ১৭৮জনলৈ বৃদ্ধি হৈছে। এক বৃহৎসংখ্যক লোক জেই সদৃশ ৰোগত আক্রান্ত হৈছে |
একেদৰে যোৰহাটটো বৃদ্ধি পাইছে এনকেফেলাইটিছ প্ৰাদুৰ্ভাৱ | এনকেফেলাইটিছত আক্রান্ত শিশুৰ মৃত্যু |মাজুলীৰ ৮ বছৰীয়া শিশুটি চিকিৎসাধীন অৱস্থাত মৃত্যু | যোৰহাট চিকিৎসা মহাবিদ্যালয় আই চি ইউত চিকিৎসাধীন হৈ আছিল শিশুটি | বৰ্তমানেও চিকিৎসালয় খনত চিকিৎসাধীন হৈ আছে আন কে’বাটাও শিশু সহ কিশোৰ- মহিলা ৷
